
গুৱাহাটীঃ নৰক যন্ত্ৰণাৰ মাজত মধ্যপ্ৰাচ্যত যৌনদাসীৰ জীৱন কটাইছে অসমৰ যুৱতীয়ে। বিলাসী জীৱনৰ আকাংক্ষা কৰি দুষ্টচক্ৰৰ ফান্দত ভৰি দিয়া নাৰীৰ ক্ৰন্দন মধ্যপ্ৰাচ্যত পৰ্যৱসিত হৈছে অৰণ্যৰোদনলৈ।
বিদেশৰ অজ্ঞাত স্থানৰ পতিতালয়ত দেহ বিক্ৰী কৰিবলৈ বাধ্য হোৱা যুৱতীৰ শতাধিক অসমৰ। জীৱনৰ অভিলাষ পূৰণ কৰিবলৈ গৈ দেহ ব্যৱসায়ীৰ জালত ভৰি দিয়া যুৱতীৰ নাই কোনো উদ্ধাৰৰ পথ। মধ্যপ্ৰাচ্যৰ কামাতুৰ পুৰুষৰ দেহৰ ক্ষুধা নিবাৰণ কৰিবলৈ তেওঁলোকক বাধ্য কৰাইছে নাৰীদেহৰ ব্যৱসায়ীয়ে।
বিশেষকৈ প্ৰায় দুবছৰৰ পৰা বৃদ্ধি পাইছে উত্তৰ-পূব ভাৰতত নাৰী দেহ ব্যৱসায়ীৰ উপদ্ৰৱ। এইবাৰ দুষ্টচক্ৰই যুৱতী চালানৰ কৰিডৰ কৰি লৈছে নেপালক। চুবুৰীয়া দেশখনৰ পৰা ছৌদি আৰব, ওমান, কুৱেইট আদিলৈ চালান দিয়া হৈছে অসমৰ যুৱতীক।
সম্ভেদ অনুসৰি ভাৰতৰ পাছপ’ৰ্টৰ দ্বাৰা মধ্যপ্ৰাচ্যৰ দেশৰ ভিছা লাভ কৰাটো টান। এতেকে দুষ্টচক্ৰই নেপালৰ পাছপ’ৰ্টৰে উলিয়াইছে ভিছা। বিগত দুবছৰত অসমৰ কমেও শতাধিক যুৱতীক প্ৰেৰণ কৰা হৈছে বিদেশলৈ। এইসকলৰ অধিকাংশই কোকৰাঝাৰৰ।
"দুই বছৰ হ'ল আমাৰ ছোৱালীজনী নোহোৱা হোৱা। বহুত বিচাৰিলো তাইক। থানাত গোচৰো দিলো। কিন্তু সম্ভেদ নাপালো। গুৱাহাটীত এয়াৰচেল নে ৰিলায়েন্সৰ কল চেণ্টাৰত কাম কৰিছিল প্ৰথমে। পিছত এদিন ঘৰত ক'লে যে তাইক কোম্পানীয়ে দিল্লীলৈ পঠিয়াইছে। দিল্লীলৈ যোৱাৰ এমাহ মান যোগাযোগ আছিল। তাৰ পিছত তাইৰ কোনো খবৰেই নাই। তাইক চিনি পোৱা কেইজনমানে কৈছে তাই হেনো ডুবাই নে কুৱেইটলৈ গ'ল। ক'ত গৈ কি কৰিছে আমি একো উৱাদিহেই নাপালো।"-এইদৰে কয় নাম প্ৰকাশত অনিচ্ছুক এগৰাকী মহিলাই।
তথ্য মৰ্মে যুৱতীসকলক মধ্যপ্ৰাচ্যৰ বিলাসী জীৱনৰ সপোন দেখুৱাই দেহ ব্যৱসায়ীয়ে প্ৰলোভিত কৰিছে। এই ধৰণে আৰম্ভ হৈছে অসমৰ যুৱতীৰ অগস্ত্য যাত্ৰা। বিদেশলৈ যোৱা যুৱতীৰ দীৰ্ঘদিনে পৰিয়ালৰ সৈতে সংযোগো নাই। এনে বহু গোচৰো অসমৰ ভিন্ন থানাত পঞ্জীয়ন হৈছে।
উল্লেখ্য যে কিছুদিন পূৰ্বে মধ্যপ্ৰাচ্যৰ এনে ভিতৰুৱা কাহিনীক লৈ আন্তৰ্জাতিক সংবাদ প্ৰতিষ্ঠান আল জাজিৰাত এক প্ৰতিবেদন প্ৰকাশ পাইছিল। উক্ত প্ৰতিবেদনটোত কোৱা হৈছিল যে এটা দুষ্ট চক্ৰই ভাৰত, পাকিস্তান, বাংলাদেশ আৰু নেপালৰ পৰা বহু সুন্দৰী যুৱতীক মধ্য প্ৰাচ্যৰ কেবাখনো দেশলৈ চাকৰিৰ প্ৰলোভনেৰে প্ৰেৰণ কৰি আহিছে।
'খালেজ টাইমছ'ৰ এক প্ৰতিবেদনতো একে কথাই প্ৰকাশ পোৱা দেখা গৈছে। কিছুদিন পূৰ্বে ডুবাইত এনেধৰণৰ নাৰী সৰবৰাহৰ সৈতে জড়িত এজন ভাৰতীয় লোক স্থানীয় আৰক্ষীৰ জালত পৰা বাতৰি প্ৰকাশ পাইছিল চহৰখনৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠানটোৰ ৱেব পৰ্টেলত। বাতৰিটোত প্ৰকাশ পোৱা মতে লোকজনে নেপাল আৰু পাকিস্তানৰ দুগৰাকী যুৱতীক আত্মীয় বুলি চিনাকি দি দুষ্ট চক্ৰৰ হাতত গতাই দিছিল।