
newsnextone.com | গুৱাহাটীঃ কেন্দ্ৰীয় চৰকাৰৰ বিশ্ববিদ্যালয় অনুদান আয়োগক বিলোপ ঘটাব খোজা কাৰ্যক বিৰোধিতা কৰিছে ভাৰতৰ ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিয়ে৷ ভাৰতৰ ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিয়ে চৰকাৰে প্ৰস্তাৱিত ভাৰতৰ উচ্চ শিক্ষা আয়োগ আইন-২০১৮ৰ জৰিয়তে বিশ্ববিদ্যালয় অনুদান আয়োগৰ বিলোপ সাধন কৰিব খোজা পদক্ষেপক তীব্ৰ বিৰোধিতা কৰে। ভাৰতৰ ছাত্ৰ ফেডাৰেচনে প্ৰস্তাৱিত আইন খন কেন্দ্ৰীয় চৰকাৰৰ প্ৰচলিত উচ্চ শিক্ষাৰ গাঁথনি পৰিৱৰ্তন কৰি চৰকাৰী দায়িত্ব লাঘৱ কৰিব খোজাৰ প্ৰয়াস কৰিছে বুলি কয়। এই খচৰা বিধেয়কখন ঘোষণা কৰাৰ ১০ দিনৰ ভিতৰতে মতামত বিচৰা কাৰ্যই চৰকাৰৰ উদ্দেশ্যকো প্ৰতিফলিত কৰে বুলি কয় সংগঠনটোৱে।
আনহাতে গুৰুতৰ অভিযোগ উত্থাপন কৰি ইউজিচিৰ বিলোপ সাধন কৰাৰ প্ৰয়োজনীয়তা কিয় আহিল সেই সম্পৰ্কে চৰকাৰৰ কোনো সঠিক ব্যাখ্যা নাই বুলি কয়। বৰ্তমানৰ চৰকাৰে ইয়াৰ পূৰ্বেও এইচইইআৰএ নামৰ উচ্চ শিক্ষা সম্পৰ্কীয় সমিতিৰ জৰিয়তে ইউজিচি আৰু এআইচিটিইৰ বিলোপ সাধন কৰাৰ চেষ্টা কৰিছিল বুলি অভিযোগ উত্থাপন কৰি এনে সিদ্ধান্তৰ বিৰুদ্ধে বাবে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈ সেই সময়ত সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হৈ পুনৰ তেনে এক প্ৰস্তাৱ আগবঢ়াইছে বুলি কয়।
ভাৰতৰ ছাত্ৰ ফেডাৰেচনে কয় যে প্ৰস্তাৱিত বিল খনত কেতবোৰ গুৰুতৰ দিশ আছে যি দেশখনৰ উচ্চ শিক্ষা খণ্ডৰ বাবে যথেষ্ট চিন্তনীয়। প্ৰথমেই, প্ৰস্তাৱিত আয়োগখনে শিক্ষানুষ্ঠান সমূহলৈ অনুদান আগবঢ়াব নোৱাৰিব আৰু তাৰ পৰিৱৰ্তে কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰালয়ে সেই দায়িত্ব পালন কৰিব৷ যিটোৱে শিক্ষানুষ্ঠানসমূহৰ বিভিন্ন ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ প্ৰত্যক্ষ হস্তক্ষেপৰ বাট মুকলি কৰিব। সম্প্ৰতি ৰাজহুৱা উচ্চ শিক্ষা খণ্ডৰ যাৱতীয় ধন বিতৰণ কৰে বিশ্ববিদ্যালয় অনুদান আয়োগে৷ যি মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ অধীনৰ এক স্বতন্ত্ৰ অনুষ্ঠান। বিশ্ববিদ্যালয় অনুদান আয়োগৰ এটা শৈক্ষিক পটভূমি আছে যাৰ বাবে দেশৰ শিক্ষানুষ্ঠান সমূহৰ প্ৰয়োজনসমূহ ভালদৰে বিবেচনা কৰি নিৰ্ধাৰিত ধন বিতৰণ কৰিব পাৰে। কিন্তু মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ তেনে কোনো শৈক্ষিক পটভূমি নাই সেয়ে বিতৰণ প্ৰক্ৰিয়াত নানান আসোঁৱাহে দেখা দিব।
দৰাচলতে বিলখনৰ শিক্ষানুষ্ঠান সমূহত চৰকাৰী হস্তক্ষেপ হ্ৰাস কৰাৰ অন্যতম লক্ষ্য, তাৰেই বিৰোধী। বিলখনে লগতে কৈছে যে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ ওপৰত আলোচনা, সমালোচনা কৰিব পৰা শিক্ষকৰ সংখ্যা ১০জনৰ পৰা ২ জনলৈ হ্ৰাস কৰা হ’ব। এছ এফ আয়ে লক্ষ্য কৰিছে যে এই গোটেই অভিমুখটোৱে উচ্চ শিক্ষাৰ অনুষ্ঠানসমূহৰ কেৱল স্বীকৃতি আৰু বছৰেকীয়া মূল্যাংকনত গুৰুত্ত্ব প্ৰদান কৰিছে। ফলস্বৰূপে অধিক নিয়ন্ত্ৰণৰ মাজলৈ শিক্ষানুষ্ঠান সমূহক ঠেলি দিয়া হ’ব। প্ৰক্ৰিয়াটোত কৰ্পোৰেট ভংগীমাত শিক্ষা খণ্ডৰ বাণিজ্যিকীকৰণৰ পথ সুগম কৰাৰ উদ্দেশ্য নিহিত হৈ আছে। এই প্ৰক্ৰিয়াৰ জৰিয়তে দেশখনৰ শিক্ষাখণ্ডৰ বাবে এটা সমগোত্ৰীয় প্ৰশাসনিক আৰ্হি স্থাপন কৰাৰ চেষ্টা কৰা হৈছে।
কিন্তু দেশখনৰ শিক্ষানুষ্ঠানসমূহৰ গুণগত মান তথা প্ৰয়োজনসমূহ ভিন্ন ভিন্ন। সেই বাবেই বৰ্তমান প্ৰচলিত ব্যৱস্থাই শিক্ষানুষ্ঠান সমূহলৈ প্ৰয়োজন অনুসাৰে সুবিধা আগবঢ়ায় যিটো কেন্দ্ৰীয় এক প্ৰশাসনিক আৰ্হিৰ দ্বাৰা সম্ভৱ নহ’ব। কেন্দ্ৰীয় চৰকাৰে মত পোষণ কৰিছে যে বিধেয়কখনৰ আৰু এটা গুৰুত্বপূৰ্ণ দিশ হৈছে যে প্ৰস্তাৱিত আয়োগ খনে শিক্ষানুষ্ঠান সমূহৰ ন্যূনতম গুণগত মান নিশ্চিত কৰিব কিন্তু বিশ্ববিদ্যালয় অনুদান আয়োগে কেৱল অনুদানহে আগবঢ়াইছিল। চৰকাৰৰ এই দাবীক একেবাৰে অসত্য আখ্যা দিয়ে সংগঠনটোৱে।
ইতিমধ্যেই ইউজিচিক বিশ্ববিদ্যালয়সমূহৰ শিক্ষণৰ মান নিৰ্ধাৰণ, গৱেষণা সম্বন্ধীয় নিৰ্দেশনা প্ৰস্তুত ইত্যাদি দায়িত্ব দিয়া হৈছে। সেই মতেই ন্যুনতম মান সুনিশ্চিত কৰিব নোৱৰা শিক্ষানুষ্ঠান সমূহৰ নাম ইউ জি চিয়ে প্ৰকাশ কৰে। এনে শিক্ষানুষ্ঠানসমূহক পৰ্যবেক্ষণ কৰিবলৈ ইউজিচিক দায়িত্ব দিব পৰা যায়। এছ এফ আয়ে ইউজিচিৰ কিছু সীমাবদ্ধতা আছে যিবোৰৰ সংশোধন কৰা উচিত আৰু লগতে ইয়াক অধিক গণতান্ত্ৰিক আৰু স্বচ্ছ ৰূপ প্ৰদান কৰা উচিত বুলি কয়। ইয়াৰ বিলোপ সাধন কৰি অন্য এখন সমিতিৰে একেসমূহ সমস্যা বৰ্তাই ৰখাৰ কোনো যুক্তি নাই। কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ এছ এফ আইৰ চাবুৱা আঞ্চলিক সমিতিৰ সভাপতি অমৰজ্যোতি দত্ত আৰু সম্পাদক ৱাছিম খানেও তীব্ৰ বিৰোধীতা কৰে৷