
সৰভোগঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ে নম্বৰ সৰলীকৰণ ব্যৱস্থাৰ বাবে নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ বহু ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰাৰ সুবিধা নোপোৱাত ক্ষোভ ব্যক্ত কৰিছে এছ এফ আইয়ে৷
ভাৰতীয় ছাত্ৰ ফেডাৰেশ্যনৰ অসম ৰাজ্যিক সমিতিয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে কৰা নম্বৰ সৰলীকৰণ ব্যৱস্থাই স্বায়ত্ব শাসিত মহাবিদ্যালয়খনৰ বহু মেধাবী ছাত্ৰ-ছাত্ৰীক বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ পৰ্যায়ৰ নামভৰ্তিৰ পৰা বঞ্চিত কৰিছে বুলি সংগঠনটোৱে অভিযোগ উত্থাপন কৰে৷
যোৱা দুটা বছৰৰ পৰা চলি অহা নম্বৰ সৰলীকৰণ ব্যৱস্থা নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে কোনো আলোচনা নকৰাকৈ অগণতান্ত্ৰিকভাৱে লৈছিল বুলিও অভিযোগ কৰে সংগঠনটোৱে৷
এনে স্বেচ্ছাচাৰী সিদ্ধান্তক এছ এফ আইয়ে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে৷ এই সিদ্ধান্তৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে নানান সমস্যাৰ সন্মুখীন হৈ আহিছে বুলি কয়। তদুপৰি নম্বৰ সৰলীকৰণ ব্যৱস্থাৰ বেমেজালিয়ে শিক্ষানুষ্ঠানৰ ক্ষতি কৰিব বুলি কৈ এছ এফ আইয়ে ছাত্ৰ-ছাত্ৰীক সংগঠিত হৈ প্ৰতিবাদ কৰিবলৈ দাবী জনায়৷