ডিজিটেল ডেস্ক |নগাঁওঃ নগাঁও জিলাৰ শেতালী, কুজাৰবড়ি, বালিসৰা আৰু লঠাবৰি অঞ্চলৰ সন্মিলিত এচ. কে. বি. এল শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্মোৎসৱ উদযাপন সমিতিৰ সৌজন্যত ১৮ অক্টোবৰৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে চলি থকা মহাপুৰুষ জনাৰ ৫৭০ সংখ্যক আৱিৰ্ভাব মহোৎসৱভাগৰ আজি সামৰণি পৰে। 

কালি  পুৱা ৯ বজাত এক বৰ্ণাঢ্য পৰিবেশত উৎসবৰ ধৰ্মধ্বজা উত্তোলন কৰে উদ্‌যাপন সমিতিৰ সভাপতি সঞ্জীৱ কুমাৰ দেউৰীয়ে৷ বৃক্ষৰোপণ কাৰ্যসূচীৰ শোভাৰম্ভ কৰে এচ কে বি এল নেহৰু মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক অজয় সিংহ ৰাজা আৰু বিশিষ্ট সমাজ কৰ্মী ফণীধৰ মেধিয়ে৷ তাৰ পাছতেই গায়ন বায়ন, ভকত- বৈষ্ণৱ, আই মাতৃ আৰু যুৱক যুৱতী সকলৰ অংশ গ্ৰহনেৰে উলিওৱা ভাগৱত ভ্ৰমণ শোভা যাত্ৰাই শেতালী, কুজাৰবৰি, বালিসৰা আৰু লঠাবৰি অঞ্চল প্ৰদক্ষিণ কৰি সমগ্ৰ অঞ্চলটোতেই ভক্তিৰসৰ নিজৰা বোৱাই দিয়ে৷ 

নিশা ৯ বজাত শিশুসকলৰ দ্বাৰা পৰিবেশিত অঙ্কীয়া নাট "স্যামন্তক হৰণ" উপভোগ কৰিবলৈ সহস্ৰাধিক ৰাইজৰ সমাবেশ হয়৷ বিশিষ্ট নাট পৰিচালক চন্দ্ৰ ডেকা পৰিচালনাত হীৰকজ্যোতি হাজৰীকা (শ্ৰীকৃষ্ণ),  জীমনি বৰা ( ৰুক্মিনী), কনমনি দেউৰী ( সত্যজিৎ), নিহাল বৰদলৈ (বলোৰাম) ৰ লগতে প্ৰায় সকল শিশু শিল্পীৰ নিখুঁদ অভিনয়ে উপস্থিত দৰ্শক ৰাইজক আপ্লুত কৰি তোলে৷

আজি দুপৰীয়া ১ বজাৰ পৰা মহিলা সকলে সুশৃংখলিত ৰূপত দল ভিত্তিক দিহানাম পৰিৱেশন কৰে৷ সন্ধ্যা ৮ বজাৰ পৰা নিমন্ত্ৰিত শিল্পী আৰু স্থানীয় প্ৰশিক্ষিত শিশু, যুৱক-যুৱতীযুৱতী সকলৰ দ্বাৰা গুৰু দুজনাৰ কৃষ্টি-সংস্কৃতিৰ আধাৰত "সাংস্কৃতিক অনুষ্ঠান" অনুষ্ঠিত হয় বুলি উদ্‌যাপন সমিতিৰ সম্পাদক ববিন চন্দ্ৰ বৰাই জানিবলৈ দিয়ে৷