
newsnextone.com | শ্বিলংঃ যুটীয়া সংসদীয় সমিতিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ কনভেনচন চেণ্টাৰত বৃহস্পতিবাৰে দিনৰ প্ৰায় ৩ বজাৰ পৰা অনুষ্ঠিত কৰে শুনানি৷ ৰাজ্যৰ খনৰ নগণ্য সংখ্যক দল-সংগঠনে শুনানিত অংশ লয়৷ মেঘালয় চৰকাৰে ইতিমধ্যে সংশোধনী বিধেয়কক নাকচ কৰি মত পোষণ কৰিছে৷ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ কেবিনেটে ইতিমধ্যে কেবিনেট সিদ্ধান্ত লৈ এই সংশোধনী বিধেয়কক নাকচ কৰিছে৷ শুনানিত মাথো ১০ সংগঠনে অংশ লয়৷
উল্লেখ্য যে, ৭ মে’ত গুৱাহাটী মহানগৰীৰ খানাপাৰত, ৮-৯ মে’ত শিলচৰত শুনানি অনুষ্ঠিত কৰাৰ লগতে ১০-১১ মে’ত শ্বিলংত যুটীয়া সংসদীয় সমিতিয়ে শুনানি অনুষ্ঠিত কৰিব৷ ৮ আৰু ৯ মে’ত অসমৰ বৰাক উপত্যকাৰ শিলচৰত শুনানি গ্ৰহণ কৰে যুটীয়া সংসদীয় সমিতিয়ে। বৰাক উপত্যকাৰ শিলচৰৰ এনআইটিত যুটীয়া সংসদীয় সমিতিয়ে শুনানি গ্ৰহণ কৰি বুধবাৰে নিশা গুৱাহাটীলৈ আহে৷ ৮ আৰু ৯ মে’ত কৰিমগঞ্জ, হাইলাকান্দি, কাছাৰ জিলাৰ দল-সংগঠন আৰু ব্যক্তি বিশেষ সাক্ষ্য গ্ৰহণ কৰি বৃহস্পতিবাৰে চুবুৰীয়া ৰাজ্য মেঘালয়ত উপস্থিত হৈ যুটীয়া সংসদীয় সমিতিয়ে শুনানি গ্ৰহণ কৰে৷
যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱাল, সাংসদ সুস্মিতা দেৱ, ৰমেন ডেকা, ভূৱনেশ্বৰ কলিতা, কামাখ্যা প্ৰসাদ তাছা উপস্থিত হয়৷ যুটীয়া সংসদীয় সমিতি উপস্থিত হোৱাৰ পূৰ্বেই ফেডাৰেচন অৱ খাচী জয়ন্তীয়া এণ্ড গাৰো পিপলছ চমুকৈ FKJGP-এ প্ৰতিবাদ সাব্যস্ত কৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে৷ সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব খানাপাৰত উপস্থিত নহ’লেও মেঘালয়ত যুটীয়া সংসদীয় সমিতিৰ সন্মুখত নেছ’ৰ হৈ শুনানিত অংশ লয়৷
নে’ছৰ নেতা চেমুৱাল জেৰুৱা আৰু ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই শ্বিলংত যুটীয়া সংসদীয় সমিতিক সাক্ষ্য প্ৰদান কৰি বিধেয়কৰ বিৰুদ্ধে যুক্তি দিয়ে৷ আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ সৈতে আছুৰ সম্পাদক দীপাংক নাথ, লুৰিণজ্যোতি গগৈ উপস্থিত থাকে। নে’ছৰ হৈ চেমুৱাল জেৰুৱা আৰু ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে আমি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য লগ লাগিছো চৰকাৰে কোনো কাৰণত বিদেশী সংস্থাপনৰ সপক্ষৰ আইন গৃহিত কৰিব নোৱাৰিব৷
আনহাতে ফেডাৰেচন অৱ খাচী জয়ন্তীয়া এণ্ড গাৰো পিপলছ চমুকৈ FKJGP-এ বুধবাৰে কিয়াং নংবাত প্ৰতিবাদ সাব্যস্ত কৰিছিল বিধেয়কৰ বিৰুদ্ধে৷ শ্বিলংত ১০ আৰু ১১ মে’ত শুনানি লবলৈ অহাৰ পূৰ্বে প্ৰতিবাদ সাব্যস্ত কৰে৷ তাৰ পিছতে অসমৰ পৰা যোৱা আলোচনাপন্থী আলফাৰ দল এটাৰ সৈতে লগলাগি ফেডাৰেচন অৱ খাচী জয়ন্তীয়া এণ্ড গাৰো পিপল চমুকৈ FKJGP-এ পুনৰ প্ৰতিবাদ সাব্যস্ত কৰে বৃহস্পতিবাৰে। আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াৰ উপস্থিতিত সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰে৷