
newsnextone.com | গোৱালপাৰাঃ নিৰাপত্তা ব্যৱস্থাক বঢ়া আঙুলি দেখুৱাই গোৱালপাৰা জিলাৰ কৃষ্ণাইত এগৰাকী যুৱ ব্যৱসায়ীক গুলিয়াই হত্যাৰ চেষ্টা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত ভেলাখামাৰত বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৭.৩০ বজাত দুৰ্বৃত্তই নিচেই ওচৰৰ পৰা গুলিচালনা কৰাত আশ্ৰৱ আলী নামৰ যুৱ ব্যৱসায়ী জন গুৰুতৰভাৱে আহত হয়৷
জানিব পৰা মতে, কৃষ্ণাই বজাৰত মোবাইলৰ দোকান দি পৰিয়াল পোহপাল দি অহা আশ্ৰৱ আলীয়ে অইন দিনাৰ দৰে বৃহস্পতিবাৰে দোকান বন্ধ কৰি নিজ গৃহ ভেলাখামাৰলৈ বাইকেৰে গৈ আছিল৷
তেনে অৱস্থাতে সন্মুখত পথৰ দাতিত পূৰ্বৰে পৰা ৰৈ থকা দুৰ্বৃত্তই ব্যৱসায়ীজনক লক্ষ্য কৰি গুলিচালনা কৰি আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে৷ দুৰ্বৃত্তৰ গুলিৰ শব্দ শুনি ওচৰ চুবুৰীয়া ঘটনাস্থলীত উপস্থিত হৈ ৰক্তাক্ত অৱস্থাত ব্যৱসায়ীজনক উদ্ধাৰ কৰে৷
আশ্ৰাব আলীক ততাতৈয়াকৈ গোৱালপাৰাৰ হস্পিতালত ভৰ্তি কৰে যদিও সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে৷ পৰিয়ালৰ লোকে জনোৱা মতে আশ্ৰাৱ আলীয়ে তিনি মাহ পূৰ্বে নগাও জিলাৰ কামপুৰৰ এগৰাকী হিন্দু যুৱতীক বিবাহ কৰাইছিল৷
বিয়াৰ পিছৰ পৰা যুৱতীৰ পৰিয়ালে ভাবুকি দি আহিছিল যুৱকজনক৷ পৰিয়ালৰ লোকে অভিযোগ কৰা মতে যুৱতীৰ ঘৰৰ লোকেই গুলিয়াই হত্যাৰ চেষ্টা কৰিব পাৰে৷ ইতিমধ্য আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে৷