05
May
2017

ৰঙিয়াঃ ৰঙিয়াৰ বাছ আস্থানত পুৱতি নিশা এক ভয়ানক অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডত জোতা-চেণ্ডেলৰ দোকানসহ মুঠ ৩ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান জ্বলি চাৰখাৰ হোৱাৰ লগতে লক্ষাধিক টকাৰ সা-সম্পত্তি বিনষ্ট হয়।
চৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ। উল্লেখ্য যে কোনো মানুহ নথকা দোকানকেইখনত পুৱা পথচাৰীয়ে জুই লগা প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে।
পিছত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰে। এই ঘটনাটোত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে।