
শিৱসাগাৰঃ উজনিৰ ৰাজপথত জ্বলিল বিজেপিৰ বহুবল্কী বিধায়ক শিলাদিত্য দেৱৰ প্ৰতিকৃতি৷ অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া গৰিয়া, মৰিয়াসকলক বাংলাদেশীৰ সৈতে একাকাৰ কৰি সকলো মুছলমানে অসমত মুছলিম ৰাষ্ট্ৰ গঠনৰ পৰিকল্পনা কৰা বুলি কোৱাত উজনিৰ মুছলমান জাঙুৰ খাই উঠিছে উজনিৰ খিলঞ্জীয়া ইছলামধৰ্মী৷
উজনি অসম মুছলিম কল্যান পৰিষদৰ শিৱসাগৰ জিলা সিমিতিয়ে বিজেপি বিধায়কগৰাকীৰ মঙলবাৰে শিৱসাগৰ নগৰৰ দলমুখ চাৰিআলিত শিলাদিত্যদেৱৰ পুত্তলিহা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে শিলাদিত্য মুৰ্দাবাদ, বিজেপি হায় হায়, শিলাদিত্য বিজেপিৰ পৰা বহিস্কাৰ কৰক আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে৷
উজনি অসম মুছলিম কল্যান পৰিষদৰ কাৰ্যকৰী সভাপতি মনিৰুল ইছলাম বড়াই আহোম ৰাজমন্ত্ৰী মোমাই তামুলি বৰবৰুৱাই গৰিয়া-মৰিয়াসকলক লৈ বিভিন্ন জাতি-জনগোষ্ঠীৰে বৃহত্তৰ অসমীয়া সমাজ গঠন কৰিছিল বুলি কয়। অসমৰ ভূমিপুত্ৰ গৰিয়া-মৰিয়াসকলক বাংলাদেশীৰ সৈতে একাকাৰ কৰা শিলাদিত্য অসমৰ ইতিহাস সম্পৰ্কে তিল মানো জ্ঞান নাই।
শিলাদিত্য উগ্ৰ সাম্প্ৰদায়ীৰ ব্যক্তি আৰু তেওঁহে হিন্দু বাংলাদেশী। আহোম ৰাজত্বকালত সন্মানীয় বিষয়বাব লাভ কৰা গৰিয়া-মৰীয়াসকলক বাংলাদেশী সজোৱা শিলাদিত্যই তেওঁৰ পূৰ্বপুৰুষ কোন চনত অসমত প্ৰৱেশ কৰিছিল তাৰ তথ্য দাঙি ধৰা উচিত বুলি মন্তব্য প্ৰকাশ কৰে মনিৰুল ইছলামে। অসমত বসবাস কৰা ৯৭শতাংশই বাংলাদেশী বুলি কি তথ্যৰ ওপৰত কৈছে সেই তথ্যও ৰাজহুৱা কৰক।
অসমৰ গৰিয়া-মৰিয়াসকলে অসমত কেনেদৰে ইছলামিক ৰাষ্ট্ৰ গঠন কৰিব বিচাৰিছে তাৰ উপযুক্ত প্ৰমাণ শীঘ্ৰে সাম্প্ৰদায়িক শিলাদিত্যই দাঙি ধৰিব লাগিব অন্যথা ভূমিপুত্ৰ সকলক অপমান কৰা শিলাদিত্যৰ বিৰুদ্ধে গৰিয়া-মৰিয়াসকলে আদালতৰ দ্বাৰস্থ হ’ব বুলি কয়।
তাৰোপৰি জাতি-মাটি, ভেটি আৰু খিলঞ্জীয়াৰ সহায়ৰ প্ৰতিশ্ৰুতি দি ক্ষমতালৈ অহা ভূমিপুত্ৰক অপমান কৰা শিলাদিত্যক বিজেপিৰ পৰা বহিস্কাৰ কৰাৰ দাবী জনায়। সংগঠনটোৰ প্ৰধান সম্পাদক অহিদুৰ হামান চৌধৰী, জিলা সভাপতি বুবুটি বড়া, সম্পাদক চৰিফুদ্দিন আহমেদ, ৰাজীৱ হুছেইন, কাৰ্যকৰী সভাপতি ইদুল আহমেদৰ লগতে গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ বিষয়ববীয়া উপস্থিত থাকে।