চিলাপথাৰঃ উচ্চতৰ মাধ্যমিকৰ ফলাফলত সন্তোষজনক প্ৰদৰ্শন চিলাপথাৰৰ। অঞ্চলটোৰ লেখত লবলগীয়া চিমেন চাপৰি মহাবিদ্যালয়ৰ উত্তীর্ণৰ হাৰ ৬৯% শতাংশ। ইয়াৰে প্ৰথম বিভাগত ১২, দ্বিতীয় বিভাগত ৪৩, আৰু তৃতীয় বিভাগত ২১১ গৰাকী উত্তীর্ণ হৈছে।

ডিমৌ কনিষ্ঠ মহাবিদ্যালয়ৰ উত্তীর্ণৰ হাৰ ৯৯% শতাংশ। প্ৰথম বিভাগত ৪ গৰাকী, দ্বিতীয় বিভাগত ২২ গৰাকী আৰু ৫৪ গৰাকী তৃতীয় বিভাগত উত্তীর্ণ হোৱাৰ লগতে বাণিজ্য শাখাত প্ৰথম এগৰাকী, ১৬ গৰাকী দ্বিতীয় আৰু ৫৪ তৃতীয় বিভাগত উত্তীর্ণ হৈছে।

চিমেনমুখ উচচতৰ মাধ্যমিক বিদ্যালয়ত ৮১% শতাংশ লাভ কৰিছে। ইয়াৰে প্ৰথম বিভাগত ৪ গৰাকী, দ্বিতীয় বিভাগত ১৯ গৰাকী আৰু ৬২ গৰাকী তৃতীয় বিভাগত উত্তীর্ণ হৈছে।

জোনাইৰ লাইমেকুৰী কনিষ্ঠ মহাবিদ্যালয়ত ৫ গৰাকী প্ৰথম বিভাগত, ৯৬ গৰাকী দ্বিতীয় বিভাগত আৰু ১৭০ গৰাকী তৃতীয় বিভাগত উত্তীর্ণ হৈছে।

লৃচাং কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা ৭ গৰাকী প্ৰথম বিভাগত, দ্বিতীয় বিভাগত ৬১ গৰাকী আৰু ৭৮ গৰাকী তৃতীয় বিভাগত উত্তীর্ণ হৈছে।

পশ্চিম জোনাই কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা প্ৰথম বিভাগত ৫ গৰাকী, দ্বিতীয় বিভাগত ৪২ গৰাকী আৰু ৮২ গৰাকী ছাত্র-ছাত্ৰী তৃতীয় বিভাগত উত্তীর্ণ হৈছে।