গোৰেশ্বৰঃ বাক্সা জিলাৰ গোৰেশ্বৰৰ শংকৰদেৱ শিশু নিকেতন নামৰ শিক্ষানুষ্ঠানখনে ২০১৮ বৰ্ষৰ ১৭ ফেব্রুৱাৰীত ২৫ বছৰত ভৰি দিব৷ ২৫ বছৰত ভৰি দিয়া ব্যক্তিগত বিদ্যালয়খনৰ কৰ্তৃপক্ষই ৰূপালী জয়ন্তী উৎসৱ উদযাপন কৰাৰ বাবে প্ৰস্তুতি চলাইছে৷

বৃহত্তৰ গোৰেশ্বৰ অঞ্চলৰ শৈক্ষিক দিশত অৰিহণা যোগোৱা বিদ্যালয় খনৰ ৰূপালী জয়ন্তী উৎসৱ বৰ্ণিলভাৱে পালন কৰিবলৈ ইতিমধ্যে প্ৰস্তুতি চলোৱা বুলি জানিবলৈ দিয়ে নিকেতন পৰিচালনা সমিতিয়ে।

অহা ৬ আগষ্টৰ দিনৰ ১১ বজাত নিকেতনৰ সভাগৃহত ৰূপালী জয়ন্তী উৎসৱ উদযাপন সম্পৰ্কে আলোচনা কৰাৰ বাবে এখন সাধাৰণ সভাৰ আহ্বান কৰিছে।

সভাত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী অভিভাৱকৰ লগতে ৰাইজৰ উপস্থিতি কামনা কৰিছে পৰিচালনা সমিতিৰ সভাপতি সম্পাদক ক্ৰমে চন্দ্ৰকান্ত মজুমদাৰ আৰু মুনীন্দ্ৰ কাকতিয়ে৷