শিমলুগুৰিঃ শিৱসাগৰ জিলাত আহোম স্বৰ্গদেউসকলে নানা ঐতিহাসিক সমল এৰি থৈ গৈছে৷ আহোম ৰজাই বৰ বৰ পুখুৰী, পৱিত্ৰ ধৰ্মীয় অনুষ্ঠান, দৌল-দেৱালয়, যুদ্ধৰ সময়ৰ বহু সমল জিলাখনত আজিও ভৰপূৰ।

শিৱদৌল, বিষ্ণু দৌল, দেবী দৌল, দেউঘৰৰে ভৰপূৰ আহোম ৰাজ্যৰ একালৰ ৰাজধানীখনত আছে অসমীয়াৰ অভিমান স্বৰূপ ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ।

এই এতিহাসিক সমলবোৰ কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছে। ঐতিহাসিক ঘনশ্যাম দ’ল বানৰ কবলত পৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ অহাৰ মাজতে এইবাৰ ইতিহাস প্ৰসিদ্ধ আহোমৰ ৰাজধানী গড়গাঁৱৰ কাৰেংঘৰৰ গড়ৰ অংশ খহাই বিদ্যুত বিভাগে অবৈধভাৱে ট্ৰেন্সফৰ্মাৰ বহুৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে শিৱসাগৰ জিলাত।

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে বিদ্যুত বিভাগৰ বিৰুদ্ধে তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিদ্যুত বিভাগৰ এনে কাণ্ডক ধিক্কাৰ দিয়ে৷ সংগঠনটোৰ শিমলুগুৰি আঞ্চলিক সমিতিয়ে পুৰণি কীৰ্তিচিহ্ন খহাই দিয়াতো দুৰৰ কথা ওচৰে পাজৰে খনন কৰাত বাধা থকাৰ পাছতো বিদ্যুত বিভাগে আইনক বুঢ়া আঙুলি দেখুৱাই কাৰেংঘৰৰ গড়ৰ এফাল কহাই দিয়াত ক্ষোভিত হৈ পৰে।

আনহাতে বিদ্যুত বিভাগৰ তাৰত লাগি কেইবাজনো লোকৰ মৃত্যুৰ পাছতো বিভাগে কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ শিমলুগুৰি আঞ্চলিক সমিতিয়ে গড়গাঁৱৰ কাৰেংঘৰৰ গড়ৰ অংশ খহাই দিয়া অংশৰ ব্যৱস্থা গ্ৰহণ নকৰিলে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ ভাবুকি প্ৰদান কৰে৷