শিমলুগুৰিঃ সোমবাৰে পুৱাই পথ মেৰামতিৰ দাবীত ৰাজ পথলৈ ওলাই আহিল শ-শ লোক৷ শিৱসাগৰৰ শিমলুগুৰিত শ-শ লোকে পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ ONGC-পৰিবহন নিগম মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰে শিমলুগুৰি৷

শিমলুগুৰিৰ ধোদৰ আলি পথ মেৰামতিৰ তথা পথ দুৰ্ঘটনাত নিহত এগৰাকী যুৱতীক সাহায্য প্ৰদানৰ দাবীত ৰাইজে পুৱাই ঘৰৰ পৰা ওলাই আহি পথ অৱৰোধ কৰি ৰাজ পথ উত্তাল কৰে৷ জানিব পৰা মতে, ঐতিহ্যমণ্ডিত ধোদৰ আলিৰ সংযোগী ৰাজগড় পথ মেৰামতিৰ অভাৱত জহি-খহি গৈছে৷

ৰাইজে দীৰ্ঘদিনে মেৰামতিৰ দাবী জনাই আহিছে যদিও ONGC কৰ্তৃপক্ষ আৰু অসম চৰকাৰে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে৷ তাৰ মাজতে শুকুৰবাৰে ONGCৰ বাছৰ খুন্দাত নিহত হয় অল্পনা ডেকা নামৰ এগৰাকী যুৱতী৷ ONGCৰ এখন তীব্ৰবেগী বাছে যুৱতীগৰাকীক খুন্দিওৱাৰ ফলত যুৱতীগৰাকীৰ থিতাতে মৃত্যু হয়৷ যুৱতীগৰাকীক ক্ষতিপূৰণ দিয়াৰো দাবী জনায় প্ৰতিবাদকাৰীয়ে৷