
কোকৰাঝাৰঃ এবিএমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ তদন্ত কৰিবলৈ আজি এছআইটিৰ মূৰব্বী অনুৰাগ টাংখাৰ নেতৃত্বত এটা দল তিতাগুৰিত উপস্থিত হয়। তদন্তকাৰী দলটোৱে জে এন ট্ৰেডাৰ্চ নামৰ টাইলছৰ দোকানখনত উপস্থিত হৈ তদন্ত চলোৱাৰ লগতে দোকানৰ স্বত্বাধিকাৰী গৌতম ঘোষ, কৰ্মচাৰী শুভংকৰ চক্ৰবৰ্তীকো সোধপোছ কৰে।
তদন্তকাৰী দলটোৱে লাফিকুল বহি থকা স্থানৰ পৰা দুৰ্ষ্কৃতিকাৰীয়ে গুলীচালনা কৰাৰ স্থানৰ লগতে আন বহু স্থানৰ জোখমাপ কৰে। এছআইটিৰ দলটোৱে দুই এগৰাকী স্থানীয় ব্যৱসায়ীকো ঘটনা সন্দৰ্ভত সোধ-পোচ কৰে।
ইয়াৰ পূৰ্বে এছআইটিৰ মূৰব্বী অনুৰাগ টাংখাৰ নেতৃত্বত এছআইটিৰ দলটোৱে লাফিকুলৰ বাসগৃহ পৰিদৰ্শন কৰি ঘটনা সংক্ৰান্তত বুজ লয় আৰু সংবাদমাধ্যমৰ আগত তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে বুলি মন্তব্য কৰে।
উল্লেখ্য যে লাফিকুল হত্যাকাণ্ডৰ প্ৰতিবাদত আজি জিলাখনৰ ফকিৰাগ্ৰামত এবিএমছুৰ উদ্যোগত বিশাল প্ৰতিবাদী জোঁৰ সমদল বাহিৰ কৰা হয়। আজি সন্ধিয়া সাত বজাত ফকিৰাগ্ৰামত অনুষ্ঠিত হোৱা বিশাল প্ৰতিবাদী সমদলত বিভিন্ন দল সংগঠনৰ কৰ্ম কৰ্তাসকলেও অংশগ্ৰহণ কৰে।
হাতে হাতে জোঁৰ লৈ প্ৰতিবাদকাৰীসকলে লাফিকুল হত্যাকাণ্ডৰ বিচাৰ লাগে, লাফিকুলৰ হত্যাকাণ্ডৰ ঘটনা চিবিআইৰ দ্বাৰা তদন্ত কৰাওক, আমাক লাগে ন্যায়, কোকৰাঝাৰ আৰক্ষী অধীক্ষকক নিলম্বন কৰক, বিটিচি চৰকাৰ হায় হায় আদি শ্লোগানেৰে চহৰৰ পৰিৱেশ উত্তাল কৰি তোলে।
ফকিৰাগ্ৰাম পুৰাণ বজাৰস্থিত আঞ্চলিক এবিএমছুৰ কাৰ্যালয়ৰ পৰা বাহিৰ হোৱা উক্ত প্ৰতিবাদী সমদলটো কোদালভোৱালৈকে প্ৰতিবাদী সমদল বাহিৰ কৰি পুনৰাই আঞ্চলিক এবিএমছুৰ কাৰ্যালয়লৈ উভতি আহে। আজিৰ প্ৰতিবাদী সমদলত আক্ৰাছু, এবছু, আগছু বেংগলী ফেডাৰেশ্যন আদিকে ধৰি কেবাটাও দল-সংগঠনৰ সদস্যই অংশগ্ৰহণ কৰে।
প্ৰতিবাদী সমদলৰ অন্তত কোকৰাঝাৰ এবিএমছুৰ জিলা সভাপতি জাইদুল ইছলামে লাফিকুল ইছলামক ষড়যন্ত্ৰ কৰি হত্যা কৰা হ'ল আৰু এই হত্যাকাণ্ড ৰাজনৈতিক বুলি অভিহিত কৰি চিবিআইৰ তদন্তৰ দাবী উত্থাপন কৰে।
লাফিকুল হত্যাকাণ্ডৰ ন্যায় নোপোৱালৈকে ক্ৰমান্বয়ে আন্দোলন ভয়াৱহ হৈ উঠিব বুলি আৰু তাৰ পৰা উদ্ভৱ হ'ব পৰা পৰিস্থিতিৰ বাবে চৰকাৰেই জগৰীয়া হ'ব বুলি মত প্ৰকাশ কৰিছে জাইদুল ইছলামে। ইপিনে আজি কোকৰাঝাৰ সদৰ চহৰতো জাইদুল ইছলাম হত্যাকাণ্ডৰ প্ৰতিবাদত আৰু দোষীক কৰায়ত্ব কৰাৰ দাবীত লৱাৰ আছাম এনজিঅ' ফৰামে সদৰ চহৰৰ প্ৰগতি ভৱনৰ পৰা পেট্ৰ'ল ডিপোলৈ প্ৰতিবাদী সমদল বাহিৰ কৰে।