
শিৱসাগৰঃ বিগত বর্ষবোৰৰ দৰে এই বছৰো শিৱসাগৰ জিলাৰ নামতি চাৰিআলিত সন্মিলিত মুছলিম যুৱ সমাজে দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰা বাৰ্ষিক দ্বীনি-ওৱাজ-মেহফিল দেওবাৰে সফল সামৰণি পৰে।
অঞ্চলটোৰ ফুলবাৰী জামাতত অনুষ্ঠিত হোৱা চতুৰ্দশ বার্ষিক দ্বীনি-ওৱাজ-মেহফিলত কালি পুৱা আমগুৰি মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড৹ গিয়াছউদ্দিন আহমেদে পতাকা উত্তোলন আৰু ফুলবাৰী জামাতৰ পেচ ইমামে কোৰাণ তিলাৱত কৰাৰ পাছতেই ইছলামিক অনুষ্ঠানসমূহ উদ্বোধন কৰে অসমীয়া জাতীয় অভিধানৰ মুখ্য সম্পাদক তথা বিশিষ্ট সাহিত্যিক ড৹ দেৱব্রত শৰ্মাই।
তদুপৰি দ্বীনি-ওৱাজ-মেহফিলৰ লগত সংগতি ৰাখি আয়োজন কৰা কেৰাট পাঠ, নাতে ৰছুল, জিকিৰ, জাৰি আৰু আকস্মিক বক্তৃতা আদি প্রতিযোগিতাত অনুষ্ঠিত হয়। উক্ত প্রতিযোগিতাৰ আঁত ধৰে সাংস্কৃতিক সম্পাদক লুতফুৰ ৰহমানে।
আনহাতে, আজিও প্রথম দিনাৰ দৰে অনুষ্ঠানৰ অন্যান্য কাৰ্যসূচীৰ লগতে পুৱা নামতি চাৰিআলি বৰমছজিদ জামাতৰ পেচ ইমাম মৌলানা কাৰী ফকৰুল ইছলাম বয়ান আগবঢ়ায়। সমান্তৰালভাৱে আমন্ত্ৰিত অতিথি, মংগলদৈৰ মৌলানা ফজলুল কৰিম কাছিমী আৰু হোজাই জালালিয়া মাদ্রাছাৰ মৌলানা চামচুদ্দিন বিহাৰীৰ, জমিয়ত-উলামা-ই-হিন্দৰ হাফিজ বচিৰ আহমেদ কাচিমীৰ লগতে ভালেকেইজন বিশিষ্ট আলিমে বয়ান আগবঢ়োৱা উক্ত অনুষ্ঠানটো আঁত ধৰে নামতি চাৰিআলি সন্মিলিত মুছলিম যুৱ সমাজৰ উপ-সভাপতি তথা উদযাপন সমিতিৰ সভাপতি ইক্রাম শ্বাহে।
প্রায় পাঁচ সহস্রাধিক ধর্মপ্রাণ ৰাইজৰ উপস্থিতি থকা উক্ত অনুষ্ঠানটো সন্ধিয়া বিশ্ব শান্তিৰ উদ্দেশ্যে সমূহীয়া দোৱাৰে সামৰণি পৰে।