শিৱসাগৰঃ অসম আৰক্ষী আৰু ভাৰতীয় সেনাৰ যুটীয়া অভিযানত এনএচ চিএনৰ অস্থায়ী শিবিৰ উৎখাত কৰাৰ লগতে ৫ খন মটৰচাইকেল আৰু এখন বলেৰ’ পিক আপ জব্দ কৰিবলৈ সক্ষম হয়।

আগন্তুক গণৰাজ্য দিৱসলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা সময়তে কূটাঘাটমুলক কাৰ্যকলাপ সংঘটিত কৰাৰ উদ্যেশে ৰাজ্যৰ সীমামুৰীয়া অঞ্চলসমুহত উগ্ৰপন্থী সংগঠন সমুহৰ তৎপৰতা বৃদ্ধি পোৱাত বুধবাৰে ভাৰতীয় সেনাবাহিনী আৰু অসম আৰক্ষীৰ এটা দলে অভিযান চলাই নাজিৰা মহকুমাৰ অন্তৰ্গত অসম নাগালেণ্ড সীমান্তবৰ্তী গেলেকীত এজন এনচচিএন কেদাৰ আটক কৰাৰ লগতে এটা শিবিৰ উৎসাত কৰিবলৈ সক্ষম হয়।

সেনাই অভিযান চলাই গেলেকী সীমান্তবৰ্তী স্মিথপুলৰ পৰা তুইচাই লিম্বা ওৰফে দামচিন লিম্বা নামৰ এজন এনএচচিএন (কে) কেডাৰ আটক কৰাৰ লগতে ভাৰতত নিৰ্মিত এটা ৭.৬৫ এম এম পিষ্টল, ২ জাই সজীৱ গুলী, এখন দা, এল ই দি আৰু লেজাৰ লাইট ৫ খন মটৰচাইকেল এখন বলেৰ পিক আপ ভান আৰু বহুতো আপত্তিজনক নথিপত্ৰ জব্দ কৰে।

শিৱসাগৰ জিলাৰ জয়সাগৰস্থিত ভাৰতীয় সেনা চাউনীৰ অধীনৰ আঠখেলস্থিত সেনা বাহিনীয়ে গেলেকী দেউপানী এলেকাৰ স্মিথপুল তথা নাগিনীৱেলত অভিযান চলাই এনএচচিঅএনৰ এটা অস্থায়ী শিবিৰ উৎসাত কৰি এজন সদস্যক আটক কৰে যদিও মৰনাস্ত্ৰ সহ কেইবাজনো সদস্য পলাই যাবলৈ সক্ষম হয়।