শিৱসাগৰঃ আজি শিৱসাগৰৰ অসামৰিক চিকিৎসালয়ৰ নাৰ্ছ সন্থাই চৰকাৰৰ আগত কিছু দাবী উত্থাপন কৰি ধৰ্ণা দিয়াৰ লগতে অনিৰ্দিষ্টকালীন কৰ্মবিৰটি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে৷  

শিৱসাগৰ শাখাৰ নাৰ্ছ সন্থাই আজি তেওঁলোকৰ দাবী সমূহ চৰকাৰক জনাবলৈ এই কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে ষ্টাফ নাৰ্ছৰ একে পদৰ একে বেতন হ’ব লাগিব বুলি জনায়। 

সপ্তম বেতন আয়োগৰ প্ৰকাশিত ROP ত ষ্টাফ নাৰ্ছৰ দৰমহা গাঁথনিত থকা বিসংগতি সংশোধন কৰিব লাগিব বুলি চৰকাৰৰ আগত দাবী উত্থাপন কৰে। লগতে ষ্টাফ নাৰ্ছৰ পদবী ঘূৰাই দিব লাগিব আৰু ষ্টাফ নাৰ্ছৰ চাকৰি বিধি প্ৰকাশ কৰিব লাগিব বুলি পৰিচাৰিকাৰ সন্থাই দাবী কৰি চৌদিশ উত্তাল কৰি তোলে৷