দিচাংমুখঃ অসমৰ ঐতিহাসিক চহৰ বুলিলেই প্ৰথমে মনলৈ আহে শিৱসাগৰৰ নামটো৷ আহোম ৰাজত্ব কালৰ স্মৃতি বিজড়িত চহৰ শিৱসাগৰ৷ স্বৰ্গদেও ৰুদ্ৰসিংহ, ভাতৃ শিৱসিংহ, কুঁৱৰী ফুলমতীৰ ইতিহাস আজিও ৰোমন্থন হৈ আছে এই চহৰত৷

আহোম ৰাজত্ব কালত প্ৰশাসনৰ কেন্দ্ৰ ঐতিহাসিক ৰংপুৰ তথা বৰ্তমানৰ শিৱসাগৰ বৃটিছসকলৰো আপোন আছিল৷ চহৰখনৰ মোহত ডুব গৈ বৃটিছেও শিৱসাগৰতে চলাইছিল প্ৰশাসনিক কাম-কাজ।

চহৰখনৰ ওচৰতে থকা প্ৰতাপী গদাধৰ সিংহই নিৰ্মাণ কৰা ধোদৰ আলি, শিৱদৌল, বিষ্ণু দৌল, দেবী দৌল, দেউঘৰৰে ভৰপূৰ আহোম ৰাজ্যৰ একালৰ ৰাজধানীখনত আছে অসমীয়াৰ অভিমান স্বৰূপ ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ।

আহোম ৰাজত্বৰ এইবোৰ সমল দৰ্শন কৰিবলৈ ৰাজ্যখনৰ দেশৰ তথা বিশ্বৰ বিভিন্ন দেশৰ পৰা পৰ্যটক চহৰখনলৈ আহে৷ আহোম ৰাজত্বৰ কালৰ সমলসমূহ চাবলৈ আহি পৰ্যটকসকলে হোটেলত থকাৰ পৰা খোৱা লোৱা, বজাৰ-সমাৰ  সকলো এই চহৰখনতে কৰে৷ কিন্তু পৰ্যটকক কিহেৰে আদৰণি জনাই চহৰখনলৈ?

শিৱসাগৰ চহৰখনলৈ যিটো পথেৰে পৰ্যটক প্ৰৱেশ কৰে তাৰ চৌদিশে আছে জাবৰৰ দম৷ মুঠৰ ওপৰত এতিয়া আৱৰ্জনাৰে ভৰি পৰিছে সমগ্ৰ চহৰখন। প্ৰশাসনৰ হেমাহিৰ বাবে ঐতিহাসিক চহৰৰ পৰা এতিয়া শিৱসাগৰ পৰিণত হৈছে এখন আৱৰ্জনাপূৰ্ণ চহৰ হিচাপে।

পৌৰসভাৰ দায়িত্বহীনতাৰ বাবে এনেদৰে লেতেৰা হৈছে চহৰখন। ৰেল ষ্টেশ্যন, ষ্টেশ্যনৰ দাতিৰ এটি পেট্ৰল পাম্পৰ সন্মুখ ভাগ, ট্ৰেভেলাৰ আস্থান আদিকে ধৰি চহৰখনৰ ভিন্ন ঠাই জাৱৰ-জোথৰেৰে ভৰি আছে।

তাহানিৰ ৰংপুৰ এতিয়া জাৱৰ-জোথৰৰ ৰংপুৰ হৈ পৰিছে৷ চহৰখনক চোৱা তিতা কৰা পৌৰসভাৰ বাবেই পৰ্যটক আহি প্ৰথমে জাৱৰ-জোথৰ দেখা বুলি অভিযোগ উত্থাপিন কৰিছে স্থানীয় সচেতক লোকসকলে।

পৌৰসভাক ভৰসা নকৰি দল-সংগঠনে নিজেই বহুবাৰ চহৰ খন চাফ-চিকুণ কৰি আহিছে৷ চহৰৰ বহু ঠাইত জাৱৰ নেপেলাবৰ বাবে ফলক আৰি থোৱা আছে যদিও ফলকৰ তলতে দেখা যায় জাৱৰ দ’ম। ইয়াৰ বাবে পৌৰসভাৰ লগতে একাংশ দায়িত্বজ্ঞানহীন চহৰবাসীকো দোষাৰোপ কৰিছে সচেতন মহলে।

স্বচ্ছ ভাৰত অভিযানৰ নামত কেন্দ্ৰই কোটি কোটি টকা খৰছ কৰাৰ পিছতো ঐতিহাসিক চহৰখনলৈ দেশী আৰু বিদেশী পৰ্যটকক জাৱৰৰ দ’মেৰে আদৰণি জনাই অহাত সকলো হতভম্ব হৈ পৰিছে।