নামতিত অসম বন্ধ সৰ্বাত্মক প্রভাৱ
ৰাজপথত টায়াৰ জ্বলাই আৰু ৰেল অৱৰোধে উত্তাল প্ৰতিবাদ

শিৱসাগৰঃ ৪৬ টাকৈ জাতীয় সংগঠনে আজি নাগৰিকত্ব আইন সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত আহ্বান জনোৱা ১২ ঘণ্টীয়া অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ শিৱসাগৰ জিলাৰ বৃহত্তৰ নামতি আৰু ইয়াৰ সমীপৱতী অঞ্চল সমূহতো দেখা গ’ল ।
পুৱাই আটাছুৰ বৰুৱা পুখুৰী, নামতি আৰু দিকচু আঞ্চলিক সমিতিয়ে নামতি চাৰি আলি, কিৰাই আলিত আৰু কৈৱৰ্ত ছাত্ৰ সন্থাই নামতি বাউলী পুখুৰী চাৰিআলিত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ঐক্য সেনা অসমৰ শিৱসাগৰ জিলা সমিতিৰ সদস্য সকলে নামতি অঞ্চলটোত প্রতিবাদে পৰিৱেশ উত্তাল কৰি তোলে ।
বন্ধৰ সময়ত অঞ্চলটোৰ সকলো দোকান পোহৰ, যান-বাহন সমূহ সম্পূৰ্ণ ৰূপে বন্ধ থকাৰ বিপৰীতে চৰকাৰী-বেচৰকাৰী, অনুষ্ঠান-প্ৰতিষ্ঠান, বিদ্যালয় সমূহৰ কিছু সংখ্যক খোলা আছিল যদিও আটাছুৰ নেতা সকলে বন্ধ কৰিবলৈ নিৰ্দ্দেশ দিয়ে । তদুপৰি, নামতি সমীপৰ বৰাহীবাৰীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে উজনিমুৱা ইন্টাৰছিটী এক্সপ্ৰেছ ৰেল অৱৰোধ কৰি প্রতিবাদ সাব্যস্ত কৰে ।
শিৱসাগৰৰ পৰা জিয়াৰুদ্দিন আহমেদ