
শিৱসাগৰঃ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শিৱসাগৰ জিলা সমিতিয়ে মঙলবাৰে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ সংগঠন দুটাৰ শতাধিক নেতা-কৰ্মীয়ে শিৱসাগৰ চহৰৰ মাজ মজিয়াত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে৷
খিলঞ্জীয়া ভূমিপুত্ৰক অমানবীয় ভাবে আমচাং অভয়াৰণ্যৰ পৰা উচ্ছেদ কৰাৰ লগতে উচ্ছেদিত লোকৰ খবৰ লব যোৱা কৃষক মুক্তিৰ নেতাক আটক কৰাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন দুটাই৷ খিলঞ্জীয়াক উচ্ছেদ কৰা চৰকাৰে নিৰ্বাচনৰ বৰ বৰ কথা কৈছিল বুলি অভিযোগ উত্থাপন কৰে৷ জাতি, মাটি ভেটিৰ ৰক্ষাৰ কথা কৈছিল যদিও নিৰ্বাচনৰ পিছত সলনি হ’ল বুলি অভিযোগ উত্থাপন কৰে সংগঠনদুটাই৷
সকলোকে সুৰক্ষা দিম বুলি কৈ চৰকাৰ গঠন কৰা অগপ বিজেপি আৰু বিপিএফ চৰকাৰে ভূমিপুত্ৰ মিচিং, কাৰ্বি, বড়োৰ পৰা ভূমি কাঢ়ি নিয়াত ক্ষোভিত হৈ পৰিছে কৃষক মুক্তি-ছাত্ৰ মুক্তি৷ আনহাতে উচ্ছেদিত লোকৰ খবৰ লোৱা যোৱা কৃষক মুক্তি সংগ্রাম সমিতিৰ সাধাৰণ সম্পাদক ধৈর্য্য কোঁৱৰ, গণ মুক্তি সংগ্ৰাম অসমৰ আহ্বায়ক তথা কৃষক মুক্তিৰ উপদেষ্টা বেদান্ত লস্কৰ আৰু কৃষক নেতা গোপি দাসক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যক ধিক্কাৰ দি শীঘ্ৰে মুকলি কৰি দিয়াৰ দাবী জনায় এই প্ৰতিবাদ সাব্যস্ত কৰে৷