শিৱসাগৰঃ ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট ৰাজহুৱা কৰাৰ দাবীত সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদৰ শিৱসাগৰ নগৰ সমিতিয়ে সোমবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ শিৱসাগৰৰ চহৰৰ মাজ মজিয়াত সংগঠনটোৰ শতাধিক সদস্যই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি কেন্দ্ৰীয় চৰকাৰক অসম বিৰোধী সিদ্ধান্তক তীব্ৰ ভাষাৰে গৰিহণা জনায়৷

কেন্দ্ৰীয় চৰকাৰ আৰু NSCN (IM)ৰ নেতৃত্ব আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত স্বাক্ষৰ কৰা ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট ৰাজহুৱা নকৰাত তীব্ৰ ক্ষোভ ব্যক্ত কৰে সংগঠনটোৰ কেন্দ্ৰীয় সিমিতিৰ সভাপতি দেৱজিত দত্ত আৰু সাংগঠনিক সম্পাদক অৰূপ বৰুৱাই৷

নাগালেণ্ডে পৃথক ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰাৰ পাছৰে পৰা অসমৰ বৃহৎ অঞ্চল বলপূৰ্বকভাৱে দখল কৰি আহিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি সীমান্তত অসমীয়া কৃষকে কৰা চাহ বাগিচাকে ধৰি কৃষিভূমি নগা দুৰ্বৃত্তই ধ্বংস কৰি আহিছে বুলি কয় সংগঠনটোৱে। নগাই অসমীয়াৰ ওপৰত এনেধৰণৰ অত্যাচাৰ চলাই অহাৰ পাছতো প্ৰতি খন চৰকাৰে ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰি আহিছে।

নগাৰ সৈতে ৰূপায়িত হোৱা ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টৰ ৰহস্য অসমৰ স্বাৰ্থত ৰাজহুৱা কৰা উচিত বুলি মত ব্যক্ত কৰে সংগঠনটোৱে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ ভূ-খণ্ড নাগালিমৰ অন্তৰ্ভূক্ত নহয় বুলি আশ্বাস প্ৰদান কৰিছে। যদিও বিজেপি দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে অসম আৰু নাগালেণ্ডৰ বিবাদমান ভূমি সমূহক নাগালিমৰ অন্তৰ্ভূক্ত হ’ব বুলি কৌশল পূৰ্ণ মন্তব্য কৰা কাৰ্যই বিজেপি চৰকাৰৰ অসম বিৰোধী কাৰ্য পুনৰ বাৰ ওলাই পৰিল বুলি কয় সংগঠনটোৱে।

অসমৰ ভূ-খণ্ডৰ এক ইঞ্চি মাটিও এৰি দিয়া নহব বুলি সকীয়নি প্ৰদান কৰি ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি হুংকাৰ প্ৰদান কৰে। ৰাজ্য চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ দাবী জনায়।