newsnextoneশিৱসাগৰ৯অক্টোৱৰঃ অাইন উলংঘন কৰিব পাৰে শিৱসাগৰত ! প্ৰশাসন নিমাত৷ শিৱসাগৰৰ একাংশ ৰাইজে নামানে যান বাহন আৰক্ষীৰ নিৰ্দ্দেশনা আৰু উলংঘন কৰিলে আৰক্ষী বিষয়া সকলে নিমাত থাকে ।
শিৱসাগৰৰ এখন ব্যস্ত ঠাই হোৱাৰ বাবে বহুতো যান বাহন চলাচল কৰে আৰু বহু লোকে যান বাহন আৰক্ষীৰ নিৰ্দ্দেশনা উলংঘন কৰে যাৰ বাবে সাধাৰণ ৰাইজে বহুতো কষ্টৰ সন্মুখীন হব লগা হয় । বিলাসী বাহন চলোৱা লোক সকলে অইন উলংঘন কৰাৰ বাবে বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰী সকলে বহুতো সমস্যা সন্মুখীন হোৱা দেখা পোৱা গল ।।
প্ৰশাসনৰ উচ্চ বিষয়া লগতে কণিষ্ঠ বিষয়া নিৰ্লিপ্ত ৰূপ ধাৰণ কৰিছে অইন উলংঘন কৰাৰ বিষয়ত । প্ৰশাসনে গুৰুত্ব প্ৰদান নকৰে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক আৰু সাধাৰণ নাগৰিকক যাৰ বাবে আজি লৈকে ব্যৱস্থা গ্ৰহণ কৰ দেখা নগল।।
শিৱসাগৰৰ ই ৰিক্সা চালক সকলৰ বাবে পৰিলক্ষিত নহয় হেড লাইট। এই ক্ষেত্রত দীৰ্ঘদিন ধৰি মৌন ব্রত পালন কৰি অহা দেখা গৈছে জিলা পৰিবহন বিভাগ তথা পৌৰসভাক । চাৰিআলিসমূহত ৰঙা পোহৰৰ সংকেত দেখা পায় থমকি ৰয় ঠিকেই কিন্তু জেব্ৰা কর্চিংৰ বহু আগত গৈ হে ৰৈ থকা দেখা যায়।
আইন অমান্য কৰি অহা সকলৰ বিৰুদ্ধে কিবা আইনী ব্যৱস্থা গ্ৰহণ নকৰিলে শীঘ্ৰে নগৰখনত এক বিচিশংসল পৰিৱেশৰ সৃষ্টি হোৱাটো নিশ্চিত।
শিৱসাগৰ পৰা চৈয়দ মুদ্দাছীৰ ৰমিজ,৯৭০৬৬১১১৬১