
শিৱসাগৰঃ চৰকাৰী কাৰ্যালয়ত থলুৱা মহিলাক অপদস্থ কৰাৰ ঘটনাৰ চাঞ্চল্য আজিও অব্যাহত আছে৷ বৃহস্পতিবাৰে শিৱসাগৰৰ মাজ মজিয়াত এগৰাকী দুগৰাকী নহয় চাৰিগৰাকী মহিলাক চৰকাৰী কাৰ্যালয়ৰ ভিতৰত পুৰুষে অপদস্থ কৰাৰ অভিযোগ উত্থাপন কৰাৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷ অএনজিচি কাৰ্যালয়ত এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে৷
জানিব পৰা মতে, অএনজিচিয়ে এখন পকী দেৱাল নিৰ্মাণৰ বাবে কিছুদিন পূ্ৰ্বে টেণ্ডাৰৰ আহ্বান কৰিছিল৷ বৃহস্পতিবাৰে টেণ্ডাৰ পেপাৰ জমা কৰাৰ দিন আছিল৷ বৃহস্পতিবাৰে একাংশ ঠিকাদাৰে পেপাৰ জমা কৰে৷ শিৱসগাৰৰ ডিবিজি গেটৰ সন্মুখত অএনজিচিৰ এগৰাকী ঠিকাদাৰৰ হৈ টেণ্ডাৰ পেপাৰ জমা কৰিবলৈ যোৱ চাৰিগৰাকী মহিলাক একাংশ লোকে অপদস্থ কৰাৰ অভিযোগ উত্থাপন হয়৷
অএনজিচিৰ অসম সম্পদৰ নাজিৰাৰ গেলেকী তৈলক্ষেত্ৰৰ এখন পকী বেৰ নিৰ্মাণ কৰিবলৈ অএনজিচিয়ে নিবিদা আহ্বান কৰিছিল। বৃহস্পতিবাৰে নিবিদাৰ পেপাৰ জমা কৰাৰ বাবে ৰখা বাকচত নিৰ্দিষ্ট কেইজনমান ঠিকাদাৰৰ বাহিৰে অইন ঠিকাদাৰক পেপাৰ জমা কৰিব দিয়া নাছিল বুলি অভিযোগ উত্থাপন হৈছে৷ একাংশ যুৱকে পেপাৰ জমা কৰাত বাধা আৰোপ কৰাৰ অভিযোগো উত্থাপন হয়৷
জনৈক দত্ত উপাধীৰ এগৰাকী ঠিকাদাৰৰ হৈ পেপাৰ জমা কৰিবলৈ যোৱা মহিলাক গালি-গালাজ কৰাৰ লগতে অপদস্থ কৰাৰ অভিযোগ উত্থাপন কৰে মহিলাকেইগৰাকীয়ে৷ নিবিদা জমা কৰিবলৈ যোৱা মহিলাক অএনজিচিৰ নিৰাপত্তাৰ দায়িত্বত থকা চিআইএছএফেও বাকচত পেপাৰ জমা কৰিবলৈ দিয়া নাছিল বুলি মহিলা কেইগৰাকীয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰে৷
এটি চিণ্ডিকেট চক্ৰৰ হাতোৰত বন্দী এতিয়া ONGCৰ ঠিকা বুলি মহিলাসকলে অভিযোগ কৰে৷ এই খবৰ প্ৰচাৰ হোৱাৰ পিছতে শিৱসাগৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ তাৰ পিছতে আমছুৰ শিৱসাগৰ জিলা সিমিতিৰ শ-শ কৰ্মীয়ে অএনজিচিৰ শিৱসাগৰ ডিবিজিৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। পিছত শিৱসাগৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দোষীক আটক কৰাৰ বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰাত পৰিস্থিতি ক্ষান্ত হয়৷ মহিলাকেইগৰাকীয়ে শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰে৷