
newsnextone.com | পৰ্বতঝোৰাঃ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাত পথৰ সমীপৰে পাৰ হ’বৰ বাবে নিৰ্মাণ কৰা পকী ছিৰি নিৰ্মাণৰ নামত অভিযোগ-প্ৰতিভিযোগ উত্থাপন হ’ব ধৰিছে৷ একাংশ লোকে ছিৰি নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে৷ ইপিনে দুৰ্নীতি সংঘটিত হোৱাটো দূৰৰ তথা কাম আৰম্ভ নকৰাকৈ টকা মুকলি কেনেকৈ কৰিব বুলি একাংশ লোকে প্ৰশ্ন উত্থাপন কৰে৷
কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা আলমগঞ্জ সপ্তম খণ্ড গাঁৱৰ পানবাৰী ছিনিয়ৰ মাদ্ৰাছাৰ গাতে লাগি থকা গ্ৰাম্য পথত বোকা আৰু পানীৰ বাবে বাৰিষা কালছোৱা মানুহে আহ-যাহ কৰিব নোৱাৰা হয়৷
পানবাৰী অঞ্চলৰ স্কুলীয়া ছাত্র-ছাত্ৰী, ৰুগীয়া লোক আদিক পথৰ মাজৰ প্ৰকাণ্ড গাতে ব্যাপক সমস্যাত পেলায়৷ ফলত স্থানীয় বিধায়ক মিজানুৰ ৰহমানে বিধায়ক পুঁজিৰ পৰা ২ লাখ ৫০ হাজাৰ টকা আৱণ্টন দিয়ে ছিৰি নিৰ্মাণৰ বাবে৷ ছিৰি নিৰ্মাণৰ কামৰ আৰম্ভ কৰা হয় চলিত বৰ্ষৰ ১৫ এপ্ৰিলত৷
কিন্তু নিৰ্মাণত একাংশ লোকে বাধা প্ৰদান কৰাৰ লগতে ধন দাবী কৰাৰ অভিযোগ উত্থাপন কৰি দেলবৰ আলী, হোছেন মোল্লা আৰু আবুল কালামৰ বিৰুদ্ধে গৌৰীপুৰ থানাত এজাহাৰ দাখিল কৰে বিধায়কৰ আপোন বুলি জনাজাত বছিৰ উদ্দিন শ্বেখ নামৰ লোকজনে৷
তিনি মাহ পূৰ্বে নিৰ্মাণ আৰম্ভ কৰা ছিৰি বহুওৱা ঠাইৰ মাটিৰ গৰাকী হোছেন মোল্লাই আপত্তি বিহীন প্ৰমাণ পত্ৰ দিয়াৰ পিছতোঁ নিৰ্মাণ কাৰ্যত বাধা প্ৰদান কৰাত কাম আৰম্ভ কৰিব পৰা নাই বুলি বিধায়ক নিজানুৰ ৰহমানে সাংবাদিকক জানিবলৈ দিয়ে৷
পানবাৰীত ছিৰি নিৰ্মাণ কামৰ টকা আদায় নিদিয়াৰ সময়তে এচাম লোকে ২.৫ লাখ টকা বিধায়ক নিজানুৰ ৰহমানে আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰে৷ যাৰ পৰিপ্ৰেক্ষিতত বিধায়কজনৰ বিৰুদ্ধে ধন আত্মসাৎ কৰা বুলি অভিযোগ উত্থাপন কৰা লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে৷