newsnextone.com | চাবুৱাঃ অবৈধ লালিগুড় আৰু চুলাই মদৰ ব্যৱসায়ৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা-কৰ্মীয়ে ৰাজগড়-টিংখাং অঞ্চলত৷ সংগঠনটোৰ নেতা-কৰ্মীয়ে বিভিন্ন এলেকাত অভিযান চলাই প্ৰায় ৭০০ কিলো অবৈধ লালিগুৰ জব্দ কৰি নৈত পেলাই দিয়াৰ লগতে জ্বলাই দিয়ে৷

সংগঠন তিনিটাৰ শতাধিক নেতা-কৰ্মীয়ে জৰিয়তে ৰাজগড় আৰু টিংখাঙ অঞ্চলৰ অবৈধ সুৰাৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰি অহাৰ সময়তে নিজেই হাতে কামে লাগে সংগঠনটোৱে৷

সংগঠন তিনিটাই ৰাজগড় আৰু টিংখাঙ অঞ্চলৰ অবৈধ সুৰাৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰা, লালি গুড়ৰ ব্যৱসায় বন্ধ কৰাৰ দাবী জনাই অহাৰ পিছতো আৰক্ষী প্ৰশাসনে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে। বৰ্তমানলৈকে ডিব্ৰুগড় জিলাৰ আবকাৰী বিভাগ আৰু আৰক্ষীয়ে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন কৰে৷