
গুৱাহাটীঃ কৃষক নেতা অখিল গগৈক গ্ৰেপ্তাৰৰ প্ৰতিবাদত ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে শনিবাৰে গুৱাহাটী বিশ্ববিদ্যালয়তো সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰে৷ সংগঠনটোৰ একাংশ নেতাই হাতত চৰকাৰ বিৰুধি প্লেকাৰ্ড লৈ অখিলক গ্ৰেপ্তাৰৰ প্ৰতিবাদ জনায়৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ গোট আৰু আইন মহাবিদ্যালয় গোটে অসম চৰকাৰে অগণতান্ত্ৰিকভাবে কৃষক নেতা অখিল গগৈক গ্ৰেপ্তাৰৰ প্ৰতিবাদ সাব্যস্ত কৰে৷
বিশ্ববিদ্যালয়ৰ সচেতন ছাত্র সমাজৰ সহযোগত প্ৰতিবাদী সমদলৰ কাৰ্যসূচী ৰূপায়ণ কৰি ছাত্র-ছাত্ৰী সকলে চৰকাৰৰ এই সিদ্ধান্তক অগণতান্ত্ৰিক আৰু মানৱাধিকাৰ বিৰোধী বুলি কা ক্ষোভ ব্যক্ত কৰে৷ অখিল গগৈৰ মুক্তিৰ দাবীত আৰু ৰাষ্ট্ৰ সন্ত্ৰাসৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানো দিয়ে প্ৰতিবাদী ছাত্ৰসকলে। ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ বিশ্ববিদ্যালয় গোটৰ সম্পাদক প্ৰেমানন্দ দাসে চৰকাৰৰ এই সিদ্ধান্তক ফেচিবাদী আখ্যা দি অখিল গগৈৰ বিনাচৰ্তে মুক্তি দিয়াৰ দাবী জনায়।
বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ পঞ্চানন হাজৰিকাই দেশত গণতান্ত্ৰিক পৰিসৰ কমি অহাৰ অভিযোগ কৰি এই যুঁজ কেৱল অখিল গগৈৰ মুক্তিৰ যুজঁ নহৈ গণতন্ত্ৰ আৰু মানৱধিকাৰ ৰক্ষাৰ যুজঁ হব লাগে বুলি কৈ নাগৰিক সমাজৰ সহযোগিতা কামনা কৰে। প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত ছাত্র মুক্তিৰ আইন মহাবিদ্যালয় গোটৰ সম্পাদক খ্যাতিময় বৰা, গুৱাহাটী বিশ্ববিদ্যালয় অধ্যয়ন চক্ৰৰ সভাপতি অপৰাজিতা মহন্ত, স্নাতকোত্তৰ ছাত্র সন্থাৰ নৱ নিৰ্বাচিত সাহিত্য সম্পাদক হিমাক্ষী বৰা আৰু সাংস্কৃতিক সম্পাদক ভাস্কৰ জ্যোতি শৰ্মা উপস্থিত থাকে।