
নলবাৰীঃ নলবাৰী জিলাৰ দক্ষিণ প্ৰান্তৰ তিলানাৰ বিশিষ্ট সমাজকৰ্মী, খেলুৱৈই হৰমোহন তামূলীৰ বৃহস্পতিবাৰে মৃত্যুক আকোৱালি লয়৷ ফুটবল খেলুৱৈ, মেলেৰিয়া বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী, তিলানা যুৱক সংঘৰ অন্যতম প্ৰতিষ্ঠাপ হৰমোহন তামূলীৰ ৮৭ বছৰ বয়সত মৃত্যু হয়।
বাৰ্ধক্যজনিত ৰোগতে মৃত্যু হোৱা তামূলী অঞ্চলটোৰ এগৰাকী আদৰ্শ সমাজকৰ্মী আছিল৷ প্ৰখ্যাত ফুটবল খেলুৱৈ হিচাপেও পৰিচয় আছিল তেওৰ। তেওঁৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে অঞ্চলটোত। বিশিষ্ট খেলুৱৈ তামূলীৰ মৃত্যুত বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে পৰিয়ালক সমবেদনা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত সমাজসেৱক পুত্ৰ মিন্টু তামূলী, পাচঁ গৰাকী পুত্ৰ-বোৱাৰী, এগৰাকী কন্যা সহ অসংখ্য গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায়।