iJandK
iJandK

মঙলদৈঃ শুক্ৰবাৰে আবেলি মঙলদৈ বাঘপৰিত সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড। নিজ পুত্ৰই দেগাৰেৰে হানি খুচি হত্যা কৰে মাতৃক৷ লগতে পিতৃকো হত্যাৰ চেষ্টা চলায়। পুত্ৰৰ দেগাৰৰ খোচত ঘটনাস্থলিতে নিহত হয় মাতৃ আইছা খাতুন।

আনহাতে গুৰতৰভাৱে আহত পিতৃ চফিকুল আলি বৰ্তমান মঙলদৈ চিকিৎসালয়ত চিকিৎসাধীন। ঘাটক পুত্ৰক ৰাইজে কৰায়ত্ব কৰি উত্তম মাধ্যম সোধাই মঙলদৈ আৰক্ষীক গতাই দিয়ে। 

উল্লেখযোগ্য যে, ঘাটক ইউচুফ আলিয়ে দৈনিক মদ আৰু ভাং সেৱন কৰে। বৃহস্পতিবাৰে নিশা ইউচুফে ৰাইজ মাতি জলচা পাতি ৰাইজক ভোজ ভাত খুৱায়। আজি দিনৰ ভাগত ঘৰৰ ভিতৰত ইউচুফে দুৱাৰ বন্ধ কৰি কিবা কৰি থাকোতে মাকে মাত লগায় আৰু মাকে পুত্ৰৰ পৰা কোনো উত্তৰ নোপোৱাত দুৱাৰ খুলি ভিতৰত সোমাব খোজোতেই দেগাৰ মাৰি দিয়ে।

উক্ত ঘটনা দেখি ওচৰতে থকা পিতৃয়ে পুত্ৰক বাধা দিবলৈ যাওতে পিতৃকো দেগাৰেৰে আক্ৰমণ কৰে। আনকি ভাতৃয়ে বাধা দিবলৈ যাওতে ভাতৃকো কামুৰি আহত কৰে।

ৰাইজে ইউচুফক কৰায়ত্ব কৰি উত্তম মাধ্যম সোধায় আৰক্ষীক গতাই দিয়ে। কি কাৰণত ইউচুফে এই হত্যাকাণ্ড সংঘটিত কৰিলে এতিয়াও জানিব পৰা নাই। আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।