05
Nov
2017

চৰাইদেউঃ চৰাইদেউ জিলাৰ সোণাৰিত দেওবাৰে কৰ্কট ৰোগ সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত হৈ যায়৷ উত্তৰ-পূৱ স্ত্ৰী আৰু প্ৰসুতি ৰোগ বিশেষজ্ঞসকলৰ ২৮ সংখ্যক বাৰ্ষিক অভিৱৰ্তনৰ আয়োজক সমিতিয়ে সোণাৰি লায়ন্স ক্লাৱ, সোণাৰি লেখিকা সন্থা আৰু সোণাৰি মহিলা সমিতিৰ সহযোগত মহিলাৰ কৰ্কট ৰোগৰ সজাগতা শিবিৰ অনুষ্ঠিকত কৰে।
সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত সদাগতা সভাত বন্তি প্ৰজ্বলন কৰে গুণলতা শইকীয়াই। সুধাকণ্ঠ ভূপেন হাজৰিকাক শ্ৰদ্ধাঞ্জলি জনাই সুধাকণ্ঠৰ গীত ‘মানুহে মানুহৰ বাবে’ প্ৰসন্ন ফুকনে আৰম্ভনি কৰাৰ পিছতে উপস্থিত সকলোৱে একেলগে গায়৷ হিলাৰ কৰ্কট ৰোগৰ সজাগতা শিবিৰত ডাঃ অৰুণ মাধৱ বৰুৱা, ডাঃ প্ৰণয় ফুকন, ডাঃ বন্দনা গুপ্তা'ৰ লগতে আৰু বিশেষজ্ঞ চিকিৎসক তথা সমল ব্যক্তি উপস্থিত থাকে ।