প্ৰতিকী ফটো,উৎস ইন্টাৰনেট Bhupen Hazarika
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট Bhupen Hazarika

বেতবাৰীঃ অসমৰত্ন, দাদাচাহেব ফাল্কে বঁটা বিজয়ী, সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ ৯১ বছৰীয়া ওপজা দিনটো অহা ৮ ছেপ্তেম্বৰত শিৱসাগৰ নাট্যমন্দিৰত 'সমন্বয় দিৱস' হিচাপে দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰিবলৈ প্ৰস্ততি চলাই থকা পৰিলক্ষিত হৈছে ৷ শিৱসাগৰৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান দিখৌপৰীয়া সন্মিলিত যুৱ সংঘই ১৯৯০ চনৰ পৰা উদযাপন কৰি অহা 'সমন্বয় দিৱস' এইবাৰো শিৱসাগৰ জিলা প্ৰশাসন আৰু ৰাইজৰ সহযোগত উদযাপনৰ বাবে ব্যাপক প্ৰস্ততি চলাই থকা পৰিলক্ষিত হৈছে৷

সুধাকন্ঠৰ ওপজা দিনৰ লগত সংগতি ৰাখি উজনি অসম ভিত্তিত প্ৰাইজমানী ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা মাত্ৰ এটা শাখাতহে অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে৷ ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত অসমৰ কেইবাগৰাকীও জনপ্ৰিয় শিল্পীয়ে বিচাৰক হিচাপে উপস্থিত থাকিব ৷

এইবাৰ ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত প্ৰতিযোগীসকলে ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে, কলিৰ কৃষ্ণ, আকাশী গংগা, মদাৰৰ ফুল, বিমুৰ্ত মোৰ নিশাটি, বুকু হম হম কৰে, হে হে ঢোলে ডগৰে, সেন্দুৰ সেন্দুৰ ফোটটিয়ে, শৰতৰ শেৱালি, মিঠা মিঠা ব'হাগৰ, সাগৰ সঙ্গমত, মই এটি যাযাবৰ আৰু কত জোৱানৰ মৃত্যু হ'ল শীষক গীতসমূহৰ যিকোনো এটা পৰিবেশন কৰাৰ লগতে গীতটোৰ ভাৱাৰ্থ জনাব লাগিব বিচাৰকক৷

প্ৰতিযোগিতাৰ সম্পৰ্কে অধিক তথ্যৰ বাবে 9859882361, 9435156412, 9954300637 আৰু 9957302900 মোবাইল নম্বৰৰ লগতে আৰ ডি টেন্ট হাউচ, নাট্যমন্দিৰ, শিৱসাগৰৰ পৰা প্ৰতিযোগীসকলে প্ৰ-পত্ৰ সংগ্ৰহ কৰিব পাৰিব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিয়ে৷