
newsnextone.com | তেজপুৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ অব্যাহত আছে৷ দল-সংগঠন, সামাজিক সংগঠন, স্বেচ্ছাসেৱী অনুষ্ঠান, ব্যক্তি বিশেষে প্ৰতিবাদ অব্যাহত ৰাখিছে৷ বিজেপিয়ে আইনত পৰিণত কৰিব খোজা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰিছে শোণিতপুৰবাসী৷
সমগ্ৰ অসমৰ লগতে শোণিতপুৰ জিলাৰ দল-সংগঠনে যোৱা কেইবাটাও দিন ধৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি গৈছে৷ সোমবাৰে পুনৰ শোণিতপুৰ জিলাৰ সদৰ ঊষা নগৰী তেজপুৰত আছুৱে হাতে হাতে জোঁৰ লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ তেজপুুৰত চহৰত আছুৱে উলিওৱা জোঁৰ সমদলত অংশ লোৱা নাগৰিকে অসমীয়া বিৰোধী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিবলৈ চৰকাৰক দাবী জনায়৷
শোণিতপুৰ জিলা ছাত্ৰ সন্থা আৰু তেজপুৰীয়াই তেজপুৰ চহৰৰ মাজমজিয়াৰে জোঁৰ সমদল কৰি বিতৰ্কিত বিধেয়ক খনৰ বিৰুদ্ধে শ্ল’গান দি তেজপুৰৰ আকাশ বতাহ কঁপাই তোলে।