newsnextone.com | তেজপুৰঃ এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশ পাবলৈ মাজত মাথো কেইটামান ঘণ্টা বাকী। ৩০ জুলাইত এনআৰচি কৰ্তৃপক্ষই প্ৰকাশ কৰিব এনআৰচিৰ সম্পূৰ্ণ খচৰা। ইতিমধ্যে এই ক্ষণলৈ বাট চাই ৰৈছে। ইপিনে খচৰা প্ৰকাশৰ পিছত ৰাজ্য যাতে কোনো অসুস্থ পৰিবেশৰ সৃষ্টি নহয় তাৰ বাবে সজাগতা সৃষ্টিৰ লক্ষ্যৰে ৰাজ্যৰ দল-সংগঠনে কাম কৰি থকা পৰিলক্ষিত হৈছে৷ সমানে ৰাজ্যৰ প্ৰশাসনেও অব্যাহত ৰাখিছে এই চেষ্টা৷

৩০ জুলাইত নাগৰীক পঞ্জী উন্নীতকৰণৰ খচৰা প্ৰকাশ পাব৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে এনআৰচিৰ খচৰা প্ৰকাশৰ কাম দ্ৰুত গতিত আগবাঢ়িছে  শোণিপুৰ জিলাতোঁ।

তাৰ মাজতে, শনিবাৰে শোণিতপুৰ জিলা প্ৰশাসনে তেজপুৰত জিলা উপায়ুক্তৰ কাৰ্যালয় কক্ষত এখন বৈঠক অনুষ্ঠিত কৰে।

শোণিতপুৰ জিলাৰ উপাযুক্তৰ আহ্বানত অনুষ্ঠিত বৈঠকত শোণিতপুৰ জিলাৰ উপায়ুক্ত মনোজ কুমাৰ ডেকা, অতিৰিক্ত উপায়ুক্ত কিষাণ কুমাৰ শৰ্মা, পৰাগ কাকতি, নিৰ্বাচনী বিষয়া প্ৰবীৰ কুমাৰ দত্ত, আৰক্ষী অধীক্ষক পৃথী পাল সিং, বিধায়ক বৃন্দাবন গোস্বামী, অশোক সিংঘালৰ লগতে অগপ, বি জে পি, কংগ্ৰেছৰ লগতে কেইবাটাও ছাত্ৰ-সংগঠনৰ কেইবাগৰাকীও নেতা-কৰ্মী, জেষ্ঠ নাগৰিক উপস্থিত থাক। প্ৰশাসনে সকলোৰে সহায় কামনা কৰি এন আৰ চি খচৰাত নাম থকা-নথকা সন্দৰ্ভত কোনো লোকে শংকিত হ'ব নালাগে বুলি কয়।

আনহাতে, শোণিতপুুৰ জিলাৰ উপায়ুক্তগৰাকীয়ে সকলো ৰাইজৰ সহায় বিচাৰে। উপায়ুক্তগৰাকীয়ে কেইবাহাজাৰ গৰাকী নাগৰিক আবেদন কৰা বুলি কৈ কেইবাহাজাৰ গৰাকীৰ নাম খচৰাত প্ৰকাশ পাব বুলি কয়। আনহাতে কোনো লোকৰ যদি নাম কেনেবাকৈ প্ৰকাশ নাপালেও শংকিত হোৱাৰ কাৰণ নাই বুলি কৈ খচৰা তালিকাৰপৰা নাম বাদ পৰিলে বা নাম অন্তৰ্ভুক্তি শুধৰণি বা ওজৰ আপত্তি থাকিলে অহা ৩০ আগষ্টৰ পৰা ২৮ চেপ্তেম্বৰলৈকে আবেদন কৰিব পাৰিব নিজ নিজ অঞ্চলত থকা এনআৰচিৰ সেৱা কেন্দ্ৰত।