16
Oct
2017

শোণিতপুৰঃ কৌতুক অভিনেতা খাপলাং কাই ওৰফে ৰাহুল দাসৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে শোণিতপুৰ জিলা সাংবাদিক সন্থাই। সন্থাৰ সভাপতি আনোৱাৰ আহমেদ আৰু সাধাৰন সম্পাদক পংকজ নাথে এক বিবৃতি যোগে ৰাহুল দাসৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি বুলি কয়৷
বলিষ্ঠ অভিনয়ে অসমৰ অভিনয় জগতত এক আলোড়নৰ সৃষ্টি কৰাৰ লগতে দৰ্শকক হাঁহিৰ খোৰাক যোগোই আহিছিল আহিছিল বুলি কৈ দাসৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে সাংবাদিক সংগঠনটোৱে।