
ধেমাজিঃ সাংসদ প্ৰদান বৰুৱাৰ লগত ঘনিষ্ঠ হোৱাৰ সুবাদতেই মালিনীপুৰ গাঁওপঞ্চায়তৰ সভাপতি বিষ্ণু প্ৰধানে পঞ্চায়তটোত চলাই গৈছিল কোটি কোটি টকাৰ লুণ্ঠন। যাৰ ফলত মালিনীপুৰ পঞ্চায়তৰ ৰাইজ অতীষ্ঠ হৈ পৰা দেখা গৈছিল৷ পঞ্চায়তটোত সংঘটিত সমস্ত দুৰ্নীতিৰ বিষয়ে সংবাদ মাধ্যমসমূহৰ যোগেৰে প্ৰচাৰ কৰাও হৈছিল৷
আনহাতে কেইবাজনো বঞ্চিত হিতাধিকাৰীয়ে চিলাপথাৰ থানাত সভাপতিজনৰ বিৰুদ্ধে গোচৰ দিয়াৰ পাছতো কোনেও একো কৰিব নোৱাৰিলে দুৰ্নীতিগ্ৰস্ত সভাপতি বিষ্ণু প্ৰধানৰ। কেৱল ধনৰ জোৰতে সকলোকে মেনেজ কৰি সদম্ভে টিঘিলঘিলাই ফুৰিবলৈ সক্ষম হৈছে দহ বছৰে কেৱল লুণ্ঠনৰাজ চলোৱা সভাপতিজন। বিগত দহ বছৰে পঞ্চায়তটোত সভাপতিগৰাকীয়ে ইন্দিৰা আৱাস যোজনাৰ গৃহ আৱণ্টনৰ নামত সংঘটিত কৰিছে কেইবাকোটিটকীয়া কেলেংকাৰী।
ভূৱা পৰিয়াল পৰিচয় নম্বৰ ব্যৱহাৰ কৰি অস্তিত্বহীন লোকৰ নামতআই এ ৱাই গৃহ আৱণ্টন দি ডাকঘৰত ভূৱা একাউণ্ট খুলি ধন আত্মসাৎ কৰাৰ অভিযোগো উত্থাপন হৈছে সভাপতিগৰাকীৰ বিৰুদ্ধে৷ এম জি এনৰেগা আঁচনিৰ অধীনতো বহুতো আঁচনি দেখুৱাই কোনো কাম নকৰাকৈয়ে ভূৱা জৱ কাৰ্ডৰ ধন ভূৱা একাউণ্টৰ জড়িয়তে সৰকাই নিছিল লক্ষ লক্ষ টকা। এই বৃহৎ কেলেংকাৰীৰ সমষ্ট তথ্য সংবাদ মাধ্যমত ফাদিল হোৱাৰ পিছত লুণ্ঠনকাৰী সভাপতিজনৰ বিৰুদ্ধে তিনিটা গোচৰ ৰুজু কৰিছিল বঞ্চিত হিতাধিকাৰীয়ে।
ভাৰতীয় দণ্ডবিধি আইনৰ ৪২৪/৪৬৭ ধাৰাত গোচৰ নং ২২৬/২০১৭, ৪৯০/৪২০ ধাৰাত গোচৰ নং ২৮৭/২০১৭, আৰু ৪২০/৪০৯ ধাৰাত গোচৰ নং ২২০/২০১৭ এই তিনিটা গোচৰ প্ৰায় দুমাহৰ পূৰ্বেই বঞ্চিত হিতাধিকাৰীয়ে চিলাপথাৰ থানাত দুৰ্নীতিগ্ৰস্ত সভাপতিগৰাকীৰ বিৰুদ্ধে ৰুজু কৰিছিল। কিন্তু ৰহস্যজনকভাৱে আৰক্ষীয়ে আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বিষ্ণু প্ৰধানৰ বিৰুদ্ধে।
আশ্বৰ্যজনক কথাটো হ'ল অভিযুক্ত বিষ্ণু প্ৰধানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ সলনি চিলাপথাৰ আৰক্ষীয়ে গোচৰীয়া পক্ষকহে গোচৰ উঠাই লবলৈ হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ উত্থাপন হৈছে চিলাপথাৰ আৰক্ষীৰ বিৰুদ্ধে।
বঞ্চিত হিতাধিকাৰীসকলৰ মাজৰ এগৰাকী নিয়তি বৈদ্যও আছিল। এই মহিলাগৰাকীৰ আইডি নম্বৰ ব্যৱহাৰ কৰি ঘৰ প্ৰদান কৰিলে অস্তিত্বহীন কোনো লোকক। সবিশেষ গম পাই নিজৰ প্ৰাপ্যৰ বাবে নিয়তি বৈদ্যই বিষ্ণু প্ৰধানৰ বিৰুদ্ধে ৰুজু কৰিছিল দুমাহৰ পূৰ্বে এটা গোচৰ। সম্প্ৰতি চিলাপথাৰ আৰক্ষীয়ে তেওঁৰ ঘৰত আহি গোচৰ উঠাই লবৰ বাবে ধমকি প্ৰদান কৰিছে।
গোচৰীয়া প্ৰতিজনৰ ক্ষেত্ৰতে হৈছে একেই পৰিস্থিতি। কেৱল ধনৰ বলতে এতিয়া সকলোকে মেনেজ কৰিছে এইজন লুণ্ঠনকাৰী সভাপতিয়ে। চিলাপথাৰ আৰক্ষীৰ এনে কাণ্ডত ক্ষোভিত হৈ পৰিছে মালিনীপুৰ পঞ্চায়তৰ ৰাইজ। দুৰ্নীতিৰ বিৰুদ্ধে জিৰ’ টলাৰেঞ্চৰ কথা কোৱা বিজেপি দলৰ সাংসদ প্ৰদান বৰুৱাৰ নিজা পঞ্চায়তটোত সংঘটিত হৈছে এই অনিয়ম।
কিন্তু হাজাৰ চেষ্টা কৰিও দৰিদ্ৰ ৰাইজ সক্ষম হোৱা নাই ন্যায় পাবলৈ। সততে নিকা প্ৰশাসনৰ কথা কোৱা জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগুৱেও নিজৰ চোতালতে সংঘটিত বৃহৎ কেলেংকাৰীৰ বিৰুদ্ধে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে৷ যাৰ বাবে ৰাইজৰ সন্দেহৰ আওতাত সোমাই পৰিছে সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভূৱন পেগুও।
দুৰ্নীতিগ্ৰস্ত পঞ্চায়ত সভাপতি বিষ্ণু প্ৰধানৰ বিৰুদ্ধে উচিত তদন্ত কৰি দৃষ্টান্তমূলক শাস্তি বিহিবলৈ স্থানীয় ৰাইজ আৰু চিলাপথাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে চৰকাৰৰ ওচৰত দাবী জনাইছে৷