বিহালীঃ যোৱা ১৫ পোন্ধৰ বছৰত শিক্ষা বিভাগৰ আমূল পৰিবৰ্তন হোৱা বুলি একাংশ লোক তথা মাধ্যমে সময়ে সময়ে প্ৰতিপন্ন কৰাৰ চেষ্টা কৰে যদিও প্ৰকৃততে শিক্ষা বিভাগৰ আমূল পৰিবৰ্তন হোৱা দেখা নাযায়৷ আজিও ৰাজ্যৰ বহু ছাত্ৰ-ছাত্ৰীয়ে ডেস্ক-বেঞ্চৰ অভাৱত শ্ৰেণীকোঠাত বহিবলৈ ঠাই নাপায়৷ বাৰিষা এজাক বৰষুণতে বিদ্যালয়ৰ চৌহত জলমগ্ন হৈ পৰাত বিদ্যালয়ৰ চৌহদত মানুহ সোমাব নোৱাৰা পৰিবেশৰ সৃষ্টি হয়৷ তাৰ মাজতে কণ কণ ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰক হুংকাৰ প্ৰদান কৰিছে শ্ৰেণীকোঠা এৰি প্ৰতিবাদ কৰাৰ৷ শিক্ষক বিছাৰি আন্দোলনত নমাৰ হুংকাৰ প্ৰদান কৰে ছাত্ৰ-ছাত্ৰীসকলে৷

বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ অন্তৰ্গত তিনিসুতি উচ্চ ইংৰাজী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষক নথকাত প্ৰতিবাদ কৰিব গ্ৰাম্য অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলে৷ ৯১৬ জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে ১১জন শিক্ষকে পাঠদান কৰিব লগা হয়৷ ৰাইজে ছাত্ৰ-ছাত্ৰীৰ স্কুটি দিয়াৰ চমক সৃষ্টিৰ ঘোষণা কৰাতকৈ শিক্ষক নিয়ুক্তি দিয়াৰ দাবী জনায় আহিছে যদিও গুৰুত্ব প্ৰদান কৰা দেখা নাযায়৷ পৰিতাপৰ বিষয় এই যে, বিদ্যালয়খনত গণিত, বিজ্ঞান আৰু হিন্দী বিষয়তে নাই শিক্ষক।

যাৰ বাবে সমস্যাত পৰিছে বিদ্যালয় কৰ্তৃপক্ষ৷ বিদ্যালয় খনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ছাত্ৰ-ছাত্ৰীয়ে গণিত, বিজ্ঞান আৰু হিন্দী বিষয়ত পাঠদান নকৰাকৈয়ে অৱতীৰ্ণ হ'ব৷ ছাত্ৰ-ছাত্ৰীসকলে বহু কষ্টৰে ঘৰত পাঠদান কৰিব লগা হৈছে৷ ব্যক্তিগত শিক্ষকেৰে পাঠদান কৰি পৰীক্ষাত বহিবলৈ সাাজু হৈছে তেওলোক৷ ছাত্ৰ-ছাত্ৰীসকলে চৰকাৰ তথা শিক্ষামন্ত্ৰীক আহ্বান জনায় কয় "শিক্ষা মন্ত্ৰী ছাৰ আমাক গণিত-বিজ্ঞানৰ শিক্ষক দিয়ক, নহলে শ্ৰেণীকোঠা এৰি আমি প্ৰতিবাদ কৰিম"৷ শিক্ষক নথকাৰ বাবে বছৰ বছৰ ধৰি পৰীক্ষাৰ্থীযে বিপাঙত পৰি আহিছে।

স্থানীয় ৰাইজে বিদ্যালয় খনত গণিত, বিজ্ঞান আৰু হিন্দী বিষয়ৰ শিক্ষক নিযুক্তি দিবলৈ আহ্বান জনাই আহিছে মন্ত্ৰী ৰঞ্জিত তথা শিক্ষা বিভাগে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰে৷ মন্ত্ৰী ৰঞ্জিত দত্ত তথা সমষ্টিৰ বিজেপিৰ নেতা-কৰ্মীয়ে সাংসদ আৰ পি শৰ্মাৰ বিৰুদ্ধে যুদ্ধ কৰি থকাৰ ফলত বিদ্যালয় সমূহৰ খবৰ লবলৈ আহৰি নোপোৱা বুলি একাংশ লোকে কটাক্ষ কৰে৷ ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলে বিদ্যালয়খনত শীঘ্ৰে স্থায়ী শিক্ষক নিযুক্তি দিয়াৰ দাবী উত্থাপন কৰিছে৷ চমক সৃষ্টিৰ বাবে ন’ ন’ আঁচনি ললেও আজিও সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্যৰ বহু বিদ্যালয়৷

যেন নানা সমস্যাৰ সৈতে যুজ হে দিছে শিক্ষানুষ্ঠান সমূহে৷ গ্ৰাম্য অঞ্চলৰ বিদ্যালয়ত শ্ৰেণীকোঠাৰ অভাৱৰ লগতে বিশুদ্ধ খোৱাপানী, টয়লেটৰ ব্যৱস্থা, বিদ্যালয়ৰ চৌহদৰ বেৰ, শিক্ষকৰ অভাৱ আজিও দেখা যায়৷ একপ্ৰকাৰ চৰকাৰী শিক্ষা ব্যৱস্থা একপ্ৰকাৰ জুৰুলা হৈ পৰিছে গ্ৰাম্য অঞ্চলত৷ একাংশ বিদ্যালয়ত বহু ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে কম শিক্ষকে পাঠদান কৰিব লগা হয়৷ অগপ, বিজেপি আৰু বিপিএফৰ মিত্ৰজোঁটৰ চৰকাৰে নিৰ্বাচনৰ পূৰ্বে গুণগত শিক্ষাৰ মানদণ্ড উন্নত কৰিম বুলি ভোট ভিক্ষা মাগিছিল৷ ৰাইজে এক বিকল্পৰ সন্ধানত বহু আশাৰে ভোটদান কৰিছিল দল তিনিটাক৷

কিন্তু শাসনৰ গাডীত বহাৰ পিছত শিক্ষা, স্বাস্থ্য, আদিৰ সমস্যা সমাধানৰ পৰিবৰ্তে আন কিছু কথাত হে চৰকাৰ খনে ব্যস্ত থকা দেখা যায়৷ তাৰ মাজতে বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ এখন বিদ্যালয়ত শিক্ষকৰ অভাৱত ছাত্ৰী-ছাত্ৰীয়ে হাহাকাৰ কৰিব লগা অৱস্থা হৈছে৷ শিক্ষকৰ অভাৱত ছাত্ৰ-ছাত্ৰীয়ে সমস্যাত পৰা দেখা যায়৷ মন্ত্ৰী ৰঞ্জিত দত্তৰ বিহালী সমষ্টিৰ অন্তৰ্গত তিনিসুতি উচ্চ ইংৰাজী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষক নথকাৰ অভিযোগ উত্থাপন হৈ অহাৰ পিছতো মন্ত্ৰী ৰঞ্জিত তথা শিক্ষা বিভাগে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ বিদ্যালয় খনত আছে প্ৰায় ১০০০ ছাত্ৰ-ছাত্ৰী৷ বিপৰীতে শিক্ষক আছে ১১গৰাকী৷