বাঘবৰঃ বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ গুণগ্ৰাহীৰে গঠিত শ্বেৰমান ফেনছ ক্লাৱে আজি কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায়।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত বাঘবৰ সমষ্টিৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ ৬০ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বর্ধনা জনায়। কমল মণ্ডল চন্দ্ৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত তথা কৃতী ছাত্ৰ-ছাত্ৰী সকলক ফুলাম গামোছা, মানপত্ৰ, কিতাপ আৰু কলেমেৰে সম্বৰ্ধনা জনোৱা হয়।

সম্বৰ্ধনা সভাত বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদ, সৰুক্ষেত্ৰী বিধায়ক জাকিৰ হুছাইন শিকদাৰ, গুৱাহাটী বিশ্ব বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপক আব্দুল মান্নান, সাহিত্যিক আশ্বৰাফুল ইছলাম, লেখিকা ৰেহেনা চুলতানা আৰু শ্বেৰমান ফেনছ ক্লাৱৰ বিষয়ববীয়া সহিতে তিনি শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। সভাৰ আঁত ধৰে ফেনছ ক্লাৱৰ সভাপতি হাফিজ ছাবাৰ উদ্দিন আৰু সম্পাদক কামাল হাছানে।