25
Jul
2017

ৰঙিয়াঃ ৰঙিয়াৰ আগশাৰীৰ সামাজিক তথা ক্ৰীড়া সংগঠন জনকল্যাণ ক্লাৱে আজি কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায়।
ৰঙিয়া প্ৰেগমেটিক একাডেমীত অনুষ্ঠিত এখন সভাত সামাজিক সংগঠনটোৱে ৰঙিয়া অঞ্চল হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ৫০ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা যাচে।
ৰঙিয়াৰ যুৱ সমাজ কৰ্মী উজ্জ্বল ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাত ৰঙিয়াৰ বিশিষ্ট সমাজ কৰ্মী ডাঃ চন্দ্ৰধৰ ডেকা, ৰঙিয়া মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ দক্ষেশ্বৰ ডেকা, ৰঙিয়া গ্লোবেল কম্পিউটাৰ চেন্টাৰৰ সঞ্চালক এম ডি গোলফামৰ লগতে আন কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
জনকল্যাণ ক্লাবৰ সম্পাদক নাৰায়ণ দত্তই আঁতধৰা অনুষ্ঠানটোত প্ৰেগমেটিক একাডেমী তথা ৰঙিয়া গ্লোবেল কম্পিউটাৰ চেন্টাৰৰ ছাত্ৰী জেনিফাৰ ৰহমানে গীত পৰিবেশন কৰি সকলোকে আপ্লুত কৰে।