30
Jul
2017

শিৱসাগৰঃ শিৱসাগৰ সন্মিলিত ব্যৱসায়ী সন্থাই শনিবাৰে কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায়৷
হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক নগদ ধন, ফুলাম গামোছা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনায় ব্যৱসায়ী সন্থাটোৱে৷
দ’লমুখ চাৰিআলিত অনুষ্ঠিত কৰা সভাত ব্যৱসায়ী সন্থাৰ সভাপতি বকুল বৰঠাকুৰে সভাপতিত্ব কৰে৷
সভাত উপস্থিত থাকে অাৰক্ষী বিষয়া দেৱাশীষ শৰ্মা, প্ৰশাসনিক বিষয়া প্ৰাঞ্জল দাস অাৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ বিষয়া প্ৰাণজিত দাসে।
সভাখনৰ অাঁত ধৰে লেখক চামচুল বাৰিক অাৰু সাংবাদিক প্ৰাঞ্জল ৰাজগুৰুৱে।