জোনাইঃ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অগপ, বিজেপি আৰু বিপিএফ মিত্ৰ জোঁট চৰকাৰৰ প্ৰতাপী শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জন সংঘৰ প্ৰতিষ্ঠাপক দীনদয়াল উপাধ্যায়ৰ নামত কেনেকৈ মহাবিদ্যালয়ৰ সংখ্যা বৃদ্ধি কৰিব পাৰি তাক লৈ ব্যস্ত হৈ থকাৰ সময়তে ৰাজ্যৰ ঐতিহাসিক শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে ভৱিষ্যতৰ প্ৰতি শংকিত হৈ প্ৰতিবাদত নামিব লগা হৈছে৷

নেডাৰ সভা, দীনদয়াল উপাধ্যায়ৰ নামত মহাবিদ্যালয় স্থাপন, বিধান সভাৰ মজিয়াত হাতত টেবলেটলৈ ব্যস্ত হৈ থকাৰ মাজতে ছাত্ৰ-ছাত্ৰীয়ে শ্ৰেনীকোঠা এৰি নিজৰ শৈক্ষিক ভৱিষ্যত অন্ধকাৰৰ আগজাননী পায় প্ৰখৰ ৰদত প্ৰতিবাদ কৰিব লগা হৈছে৷ ধেমাজি জিলাৰ জোনাইত ছাত্ৰ-ছাত্ৰী আজি শিক্ষা বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷

জোনাই মহকুমাৰ  আগশাৰীৰ শিক্ষানুষ্ঠান মূৰ্কংচেলেক মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ মেজৰ লোৱা ছাত্ৰ-ছত্ৰীয়ে মহাবিদ্যালয় খনত পঢ়িব নোৱাৰিব বুলি ঘোষণা কৰাৰ পাছতে আজি ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে৷ বিজ্ঞান শাখাত নামভৰ্তি কৰি কেইবামাহ ধৰি পাঠদান চলি থকাৰ মাজতে বিভিন্ন অজুহাত দেখুৱাই মহাবিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীয়ে মেজৰ সহ পঢ়িব নোৱাৰিব বুলি ঘোষণা কৰে৷

হঠাৎ কৰা এই ঘোষণাৰ পাছতে ছাত্ৰ-ছাত্ৰীৰ মাজত হাহাকাৰ লাগে। ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় কৰ্তৃপক্ষৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ হৈ পাৰে মহাবিদ্যালয় চৌহদ। ছাত্ৰ-ছাত্ৰী সকলে মহাবিদ্যালয় খনৰ মূল গেট বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। উই ওৱান জাষ্টিছ, আমাৰ দাবী মানিবই লাগিব, ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলা বন্ধ কৰক আদি শ্ল’গানেৰে মহাবিদ্যালয়ৰ চৌহদ কপায় তোলে।

পাছত শিক্ষক-শিক্ষত্ৰী, অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীৰ মাজত যুটীয়া সভা এখন অনুষ্ঠিত হয়। সভাত মেজৰ লয় পঢ়াৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰী সকলে মহাবিদ্যালয় খনতে মেজৰ সহ পঢ়িম বুলি স্পষ্ট কৰে৷ হঠাৎ আমি কলৈ যাম বুলি প্ৰশ্ন উত্থাপন কৰ্ ছাত্ৰ-ছাত্ৰীয়ে৷ অৱশেষত মহাবিদ্যালয়  কৰ্তৃপক্ষই জিলা খনৰ বিভিন্ন প্ৰান্তৰ মহাবিদ্যালয়ত পৰীক্ষাত বহাৰ আশ্বাস দিয়াত পৰিস্থিতি ক্ষান্ত হয়৷