
বঢ়মপুৰঃ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ শিক্ষাজগতলৈ যিমানেই বৈপ্লৱিক পৰিৱৰ্তন আনিব বিচাৰিছে, সিমানেই প্ৰতিফলিত হ’ব ধৰিছে গ্ৰাম্য এলেকাৰ বিদ্যালয়সমূহৰ ফোঁপোলা স্বৰূপ৷ শিক্ষা বিভাগক সংস্কাৰৰ অৰ্থে পালন কৰা গুণোৎসৱৰ জৰিয়তে চৰকাৰী বিদ্যালয়সমূহৰ মানদণ্ড নিৰূপন কৰিছে যদিও গ্ৰাম্য এলেকাৰ শিক্ষানুষ্ঠানৰ প্ৰকৃত ছবিখন দিছপুৰত শীত-তাপ নিয়ন্ত্ৰিত কোঠাত থকা চৰকাৰৰ লোকে নাজানে৷
নতুবা বহুল সমস্যাৰে যুঁজ দি থকা ৰাজ্যৰ গ্ৰাম্য এলেকাৰ শিক্ষানুষ্ঠানৰ অভাৱ-অনাটনৰ কথা অনুভৱ কৰিব খোজা নাই৷ প্ৰকৃততে কণ কণ ছাত্ৰ-ছাত্ৰী তথা দৰিদ্ৰ-শ্ৰমিকৰ সন্তানক শিক্ষাদানেৰে উপকৃত কৰাৰ হয়তো চৰকাৰৰ ইচ্ছা নাই৷
যোৱা বিধানসভা নিৰ্বাচনত চমক সৃষ্টি কৰি বিজয়ী হোৱা বিজেপি, অগপ আৰু বিপিএফৰ বিধায়কসকলে শীততাপ নিয়ন্ত্ৰিত দিছপুৰৰ বিধায়ক আৱাস লাভ কৰাৰ পিছতেই গ্ৰাম্য এলেকালৈ আহিবই পাহৰিলে৷ যাৰ বাবে নানা সমস্যাৰে জৰ্জৰিত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে৷ ৩০০ ছাত্ৰ-ছাত্ৰীক মাথো ৪ গৰাকী ছাত্ৰ-ছাত্ৰীক ৪গাৰকী শিক্ষকে পঢ়ুৱাব লগা হৈছে হৈছে এইখন অসমত৷
যাৰ বাবে শ্ৰেণীকোঠা এৰি প্ৰতিবাদত নামিল ছাত্ৰ-ছাত্ৰী৷ ৰূপহীহাট সমষ্টিৰ গেৰুৱাটি উচ্চ ইংৰাজী বিদ্যালয় চৌহদত মঙলবাৰে শিক্ষকৰ অভাৱৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ভুবন বৰুৱাৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷
ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয় প্ৰাংগণত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ প্ৰতিকৃতি দাহ কৰি ১ বছৰ ধৰি বিদ্যালয় খনৰ খবৰ নোলোৱাৰ অভিযোগ উত্থাপন কৰে৷ বিদ্যালয় উন্নয়নৰ নামত অহা পূঁজিৰ ব্যৱহাৰৰ নামত দুৰ্নীতি সংঘটিত কৰা, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ১ বছৰ বিদ্যালয়খনত উপস্থিত নোহোৱা, খোৱাপানী-প্ৰস্ৰাৱগাৰ সুবিধা প্ৰদান কৰা, শিক্ষক নিযোগ কৰাৰ দাবী জনায় ছাত্ৰ-ছাত্ৰীসকলে৷
৮ গৰাকী শিক্ষক থকাৰ পিছতো কেৱল মাত্ৰ ৪গৰাকী শিক্ষকে ৩০০ ছাত্ৰ-ছাত্ৰীক পাঠদান কৰে বিদ্যালয়খনত৷ ৪গৰাকী শিক্ষক NRCৰ কামত নিয়োজিত হৈ আছে৷ যাৰ ফলত ক্ষোভিত ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে৷