
newsnextone.com | শুক্লাইঃ ননৈ চেৰফাঙ ব্লক বিপিএফ যুৱ মঞ্চৰ উদ্যোগত আৰু ননৈ চেৰফাঙ ব্লক বিপিএফৰ সহযোগত দেওবাৰে ননৈ চেৰফাঙ সমষ্টি বিপিএফৰ কাৰ্য্যালয় গৰুৱাঝাৰত ননৈ চেৰফাঙ সমষ্টিৰ অন্তৰ্গত শতাধিক কৃতিমান ছাত্ৰছাত্ৰীক সম্বৰ্ধনা জনোৱা হ’ব৷ কাৰ্যসুচী অনুসৰি ৰাতিপুৱা ৮ বজাত পৰিবেশ নিকাকৰণ আৰু ১০ বজাৰ পৰা সম্বৰ্ধ্বনা সভা অনুষ্ঠিত হ’ব৷
ননৈ চেৰফাঙ ব্লক বিপিএফ যুৱ মঞ্চৰ কৰ্মকৰ্তাই জানিবলৈ দিয়া মতে, সম্বৰ্ধ্বনা সভাত সভাপতিত্ব কৰিব ননৈ চেৰফাঙ ব্লক বিপিএফ যুৱ মঞ্চৰ সভাপতি কুলেন নাথে৷ আনহাতে সভাখনিৰ উদ্বোধন কৰিব যুৱনেতা তথা ননৈ চেৰফাং ব্লক বিপিএফৰ সভাপতি ৰঞ্জিত ডেকাই৷ লগতে পৰিচয় পৰ্ব আগবঢ়াব যুৱ মঞ্চৰ সম্পাদক অমিত তাঁতীয়ে৷
জানিব পৰা মতে, সম্বৰ্ধনা অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ সৈতে অন্তৰংগ অনুষ্ঠানত অংশ গ্ৰহণ কৰিব মোহময়ী অভিনেত্ৰী বৰষাৰাণী বিষয়াই৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বিশিষ্ট সাংবাদিক নিতুমনি শইকীয়া৷ লগতে বিটিচিৰ ইএম লমশ্ৰাও দৈমাৰী,বিধায়ক মহেশ্বৰ বড়ো,কমলী বসুমতাৰী,বিটিচিৰ উপাধ্যক্ষ নেৰছন বড়ো,এমচিএলএ সুৰেশ তাতী,ইএম বনজাৰ দৈমাৰী উপস্থিত থাকিব আমন্ত্ৰিত অতিথি হিচাপে।
সন্ধিয়াৰ বিশেষ অনুষ্ঠানত সাংবাদিক অনুপম চক্ৰৱৰ্তীয়ে অংশ ল’ব বুলি জানিবলৈ দিয়ে ননৈ চেৰফাঙ ব্লক বিপিএফ যুৱ মঞ্চৰ কৰ্মকৰ্তাই৷ আনহাতে, সাংস্কৃতিক সন্ধিয়াত ডিম্পী চেতিয়া, লুনা দেৱী আৰু বাহাৰুল ইছলামে অনুষ্ঠান পৰিৱেশন কৰিব।