কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ সেৰফাংগুৰীত নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠা বিজুলী যোগানৰ উপ-কেন্দ্ৰটোৰ শুকুৰবাৰে উদ্বোধন কৰা হয়৷ ৩৩/১১ কেবি ক্ষমতা সম্পন্ন বিজুলী যোগানৰ উপ-কেন্দ্ৰটোৰ আনুষ্ঠানিকভাবে শুভ উদ্বোধন কৰে ২৯নং পশ্চিম কোকৰাঝাৰ (জনজাতি) সমষ্টিৰ বিধায়ক তথা বিপিএফৰ শীৰ্ষ নেতা ৰবিৰাম নাৰ্জাৰীয়ে৷

বিজুলী উপ-কেন্দ্ৰটোৰ দ্বাৰা পিছপৰা অঞ্চলটোৰ প্ৰায় ১০ হেজাৰ পৰিয়ালক বিজুলী যোগান দিয়া যাব বুলি জানিবলৈ দিছে এপিডিচিএল'ৰ চিজিএম পি কে সোমে৷ চিজিএম গৰাকীয়ে সদৰী কৰা মতে ২০১৮ চনৰ ভিতৰত বিদ্যুতৰ নাটনি নাইকীয়া হ’ব আৰু প্ৰতি ঘৰ লোকক বিজুলী যোগানৰ ব্যৱস্থা কৰা হ’ব৷

অৱশ্যে ৰাইজে সময়মতে বিল পৰিশোধ নকৰাৰ বাবে বহু অসুবিধাৰ সন্মুখীন হোৱা বুলি উল্লেখ কৰি ৰাইজৰ সহায় সহযোগিতা পালেহে বিজুলী যোগান দিয়াত সুবিধা হয় বুলিও সদৰী কৰিছে চিজিএম সোমে৷ আনহাতে আজিৰ বিজুলী যোগান উপ-কেন্দ্ৰটোৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰাৰ পিছতেই এক সভা অনুষ্ঠিত হয়৷

সভাত বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে ভাষণ প্ৰসংগত সেৰফাংগুৰী অঞ্চলৰ বহুদিনীয়া এটা আশা আকাংক্ষা পূৰণ হ’ল বুলি উল্লেখ কৰি অচিৰেই দোতমা আৰু পাটগাঁৱতো বিজুলী যোগান উপ-কেন্দ্ৰ স্থাপন হব বুলি সদৰী কৰে৷ ইমান দিনে সেৰফাংগুৰীৰ ৰাইজে ফকিৰাগ্ৰাম ছাৱ ডিভিজনৰ পৰা বিজুলী লাভ কৰিছিল যদিও বিজুলীৰ যোগান কমকৈ পোৱাত বহু অসুবিধাৰ সন্মুখীন হৈছিল৷

সেয়ে সেৰফাংগুৰী ৰাইজৰ সুবিধাৰ্থে স্থাপন কৰা বিজুলী যোগানৰ উপ-কেন্দ্ৰটোৰ জৰিয়তে এতিয়াৰ পৰা অঞ্চলটোৰ ৰাইজে বিজুলী যোগান সময় মতে লাভ কৰিব বুলি বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে সদৰী কৰে৷ বিজুলী যোগানৰ উপ-কেন্দ্ৰটোৰ উদ্বোধনী অনুষ্ঠানত বিভাগটোৰ জিএম জি জি সাহা, চিইঅ এম পাটোৱানী, এজিএম বি বড়ো, ডিএম জে নৰহ, এছডিঅ জি সাহ আৰু অঞ্চলটোৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে একাংশ স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে৷