
নগাঁওঃ নগাঁও জিলা প্ৰশাসনে জয়নাল আবেদিন আৰু মোক্তাৰ হুছেইন নামৰ দুগৰাকী চৰকাৰী কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বন কৰা বুলি জানিব পৰা গৈছে৷ নগাঁও জিলাৰ বটদ্রৱাৰ কদমণি বজাৰত ধন ঘটাৰ বাবে বিভিন্ন অনৈতিক কাৰ্য কৰি অহাৰ অভিযোগ উত্থাপিত হৈ অহা কদমণি চিনিয়ৰ মাদ্রাছাৰ কেৰানী জয়নাল আবেদিন আৰু কদমনি টাইটেল মাদ্রাছাৰ কেৰাণি তথা জয়নালৰ ভাতৃ মোক্তাৰ হুছেইনক বিভাগীয় কতৃপক্ষই দ্বায়িত্ব আৰু কৰ্তব্যত অৱহেলা কৰা আৰু অসামাজিক কাম-কাজত জড়িত থকাৰ অপৰাধত নিলম্বন কৰে।
যোৱা ৬ জানুৱাৰীত কদমনি বজাৰত গুলজাৰ হুছেইন নামৰ এজন নিৰিহ যুৱকক দলবদ্ধভাৱে মাৰপিট কৰাৰ লগতে দাৰে ঘপিয়াই আহত কৰাৰ পাছত ০৪/১৮ নন্বৰত বটদ্রৱা আৰক্ষী থানত গোচৰ ৰুজু হৈছিল৷ গোচৰৰ ভিত্তিত অভিযুক্ত দুই ভাতৃক চাকৰিৰ পৰা নিলম্বন কৰে৷
তদুপৰি বটদ্রৱা আৰক্ষী থানত জয়নাল আৱেদিন আৰু তেওৰ পৰিয়াল বৰ্গৰ লোকসকলে সংঘটিত কৰা অপৰাধৰ বাবে বিগত পোন্ধৰতা বছৰত ৫০ টাৰো অধিক গোচৰ পঞ্জীয়ন হৈ থকা বুলি জানিব পৰা গৈছে। শিক্ষা বিভাগে গ্রহণ কৰা এই পদক্ষেপক ভাৰতীয় জনতা পৰ্টীৰ বটদ্রৱা মণ্ডল সমিতি আৰু সংখ্যালঘু মৰ্চা আৰু যুৱ মৰ্চা আৰু বৃহত্তৰ মৰ্চাৰ আৰু গনতান্ত্রিক সংখ্যালঘু ছাত্র পৰিষদকে প্রমুখ্য কৰি বিভিন্ন দল সংগঠনে আদৰণি জনোৱাৰ লগতে দৃষ্টান্তমূলক শাস্তি প্রদাণৰ দাবী জানায়।