ধিংঃ হাতে হাতে ঝাড়ু লৈ ওলাই আহিল কেইবাশতাধিক মহিলা৷ পিঠি পোৰা ৰদকো আওকান কৰি হাতে হাতে ঝাড়ু লৈ নগাঁও জিলাৰ বটদ্ৰৱাৰ ৰাইডঙীয়া পঞ্চায়তৰ বহু ৰাজহুৱা স্থান চাফ চিকুণ কৰে৷

বটদ্ৰৱাৰ দলংঘাট খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ সমন্বয়ক অনুৰাধা ফুকন আৰু সমাজকৰ্মী মিনা দাস, মালতী কলিতাৰ তত্বাৱধানত ৰাইডঙীয়াত পৰিবেশ সজাগতাৰ লগতে স্বচ্ছতাৰ লক্ষ্যৰে আজি পুৱা ৰাইডঙীয়া অঞ্চলৰ প্ৰায় আঠ শতাধিক মহিলাই হাত ঝাড়ু লৈ ওলাই আহে৷

ৰাইডঙীয়া পঞ্চায়তৰ অধীনৰ চাফাই অভিযান চলাই। পঞ্চায়ত চৌহদ চাফ চিকুণ কৰাৰ লগতে সমদল উলিয়াই হাতত ঝাড়ু লৈ অসম খনক স্বচ্ছ কৰি ৰাখিবলৈ আহ্বান জনায়৷