নলবাৰীঃ সকলোৰে অপ্ৰাণ চেষ্টাত তথা সহযোগত হে সফল হ’ব স্বচ্ছ ভাৰত অভিযান আঁচনি৷ যাৰ বাবে সকলোৱে ল'ব লাগিব হাতে হাতে ঝাড়ু৷ হয়, নলবাৰীৰ আদৰ্শ গাঁও হিচাপে জনাজাত দৌকুছি গাঁৱত দেওবাৰে গাঁওৰক্ষী বাহিনী আৰু স্থানীয় ৰাইজে হাতে হাতে ঝাড়ু লৈ ওলাই আহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোন পূৰণ কৰিবলৈ৷

স্বচ্ছ ভাৰতৰ সপোনক বাস্তৱত ৰূপায়ণ কৰাৰ বাবে নলবাৰী জিলাৰ বিভিন্ন ঠাইৰ লগতে দৌকুছিবাসীয়ে সহযোগ কৰে। দৌকুছি গাঁওৰক্ষী বাহীনিৰ সভাপতি মদন বৈশ্যই উদ্বোধন কৰা স্বচ্ছ ভাৰত কাৰ্যসূচীত দৌকুছি গাঁও উন্নয়ন সমিতিৰ সভাপতি দ্বিজেন ডেকাই পৰিচালনা কৰে। অহা সোমবাৰে দৌকুছি কীৰ্ত্তন ঘৰত উলহ মালহেৰে মথুৰা দাস বুঢ়া আতাৰ তিৰোভাব তিথি পালন কৰা হ’ব।

এই উপলক্ষে স্বচ্ছ ভাৰত কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কাৰ্যসূচীত দৌকুছি যুৱক সংঘৰ সভাপতি জীতেন ডেকা, গাঁও উন্নয়ন সমিতিৰ উপ-সভাপতি ভুৱনেশ্বৰ ডেকা, সম্পাদকদ্বয় অপূৰ্ব কুমাৰ ডেকা, গকুল ডেকাকে ধৰি বহু সংখ্যক ৰাইজ উপস্থিত থাকে।