
নলবাৰীঃ নলবাৰীৰ নন্দগাঁওত ৰাজহুৱা খেল পথাৰ খনত পূৱ নলবাৰী মণ্ডল বিজেপিৰ যুৱ মৰ্চাৰ নেতা-কৰ্মীসকলে ২ অক্টোবৰৰ গান্ধী জয়ন্তী আৰু স্বচ্ছ ভাৰত অভিযানৰ লগত সংগতি ৰাখি স্বচ্ছ অভিযান চলায়।
জিলা বিজেপিৰ উপ সভাপতি অপূৰ্ব শৰ্মা, মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক খগেন ডেকা, পূৱ নলবাৰী মণ্ডল যুৱ মৰ্চাৰ সভাপতি পৰাগ চক্ৰৱৰ্তীৰ নেতৃত্বত যুৱ মৰ্চাৰ কৰ্মী সকলে খেল পথাৰ খনত জাহ-জংঘলসমূহ কাটি চাফ চিকুণ কৰে। অঞ্চলটোৰ ৰাইজে যুৱ মৰ্চাৰ পদক্ষেপক প্ৰসংশা কৰিছে।