ৰঙিয়াঃ আজি মহামানৱ মহাত্মা গান্ধীৰ জন্মদিনটোত স্বচ্ছ ভাৰত অভিযানৰ অংশ ৰঙিয়াত এক চাফাই অবিযান কাৰ্যসূচী আয়োজিত কৰা হয়। অনুষ্ঠানত সাংসদ ৰমেন ডেকা আৰু ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই উপস্থিত থাকি অনুষ্ঠানটো সাৰ্থক কৰি তোলে।

আনহাতে আজি মহাত্মা গান্ধীৰ ১৪৮ সংখ্যক জন্মদিনটোত জাতিৰ পিতাৰ প্ৰতিমূৰ্ত্তিত মাল্যাৰ্পণ কৰি সাংসদ আৰু বিধায়ক গৰাকীয়ে মহামানৱক সশ্ৰদ্ধ প্ৰণিপাত জনায়।

এই কাৰ্যসূচীত ৰঙিয়াৰ বিজেপি কৰ্মীসকলৰ লগতে বহুকেইগৰাকী স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে।