গোগামুখঃ হাতত এইবাৰ বন্দুক লৈ কোনো দুস্কৃতিকাৰীৰ বিৰুদ্ধে অভিযানত নমা নাই গোগামুখৰ সেনা আৰু আৰক্ষী বাহিনী৷ এইবাৰ হাতত বন্দুকৰ সলনি ঝাড়ু তুলি লৈ স্বচ্ছ ভাৰত অভিযানত নামি পৰিল দেশ ৰক্ষাৰ দায়িত্বত থকা সেনা আৰু আৰক্ষী৷

যোৱা ১৬ ছেপ্টেম্বৰৰ পৰা সমগ্ৰ দেশ জুলি চলা স্বচ্ছ ভাৰত অভিযানৰ অংশ স্বৰূপে আজি গোগামুখৰ ৰেল ষ্টেচনত চি আৰ পি এফৰ এ ৩৪ বাহিনীৰ লগতে গোগামুখৰ আৰক্ষী সহযোগত চাফাই অভিযান কাৰ্যসূচী গ্ৰহণ কৰা হয়৷

অহা ২ অক্টোবৰলৈ চলিব লগীয়া এই এভিযানত আৰক্ষী আৰু সেনা বাহিনীয়ে লগ লাগি জিলাখনৰ বিভিন্ন প্ৰান্তত চাফাই অভিযান চলাব বুলি জানিবলৈ পোৱা যায়৷