Food NDTV
Food NDTV

নগাঁওঃ শাৰদীয় দুৰ্গা পূজা উপলক্ষ্যে কৃত্ৰিম ৰঙেৰে প্ৰস্তুত কৰা বিভিন্ন তৰহৰ ৰংচঙীয়া মিঠাই তথা অন্যান্য খাদ্য সামগ্ৰীয়ে মানৱ জীৱনলৈ চৰম ভাবুকি কঢ়িয়াই আনিব পাৰে৷ কিয়নো, গ্ৰাহকক সহজে আকৰ্ষিত কৰিবৰ কাৰণেই এচাম অসৎ চৰিত্ৰৰ ব্যৱসায়ীয়ে নানা প্ৰকাৰৰ শৰীৰৰ অনিষ্টকাৰী কেমিকেল ব্যৱহাৰ কৰি ৰংচঙীয়াকৈ আৰু লোভনীয় ৰূপত নগাঁও জিলাত নানা বিধৰ মিঠাই প্ৰস্তুত কৰা হৈছে৷

তদুপৰি এই মিঠাইবোৰ জিলাখনৰ পূজাস্থলীসমূহত সম্পূৰ্ণ মুকলিকৈ অস্বাস্থ্যকৰ পৰিৱেশত বিক্ৰী কৰি থকা হৈছে৷ উল্লেখ্য, জিলা খাদ্য পৰিদৰ্শকে আন সময়ৰ উপৰি ঘাইকৈ পূজাৰ বতৰত খাদ্য সামগ্ৰী তৈয়াৰ কৰা উদ্যোগ তথা দোকানবোৰত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগে যদিও তাকে নকৰি ৰহস্যজনকভাবে এই সময়চোৱাত কাৰ্যালয়তে বহি দায়িত্ব সামৰাহে দেখিবলৈ পোৱা গৈছে৷

অভিযোগ মতে, খাদ্য পৰিদৰ্শকৰ চৰম অৱহেলা আৰু আওকণীয়া মনোভাৱৰ সুযোগ লৈ একাংশ ধূৰ্ত ব্যৱসায়ীয়ে নিম্ন মানৰ সামগ্ৰীৰে কৃত্ৰিম ৰং মিহলাই জেলেপী, বুণ্ডিয়া, নিমকি, খুৰ্মা, বাতাচা, নকুল দানা আদিকে ধৰি বিভিন্ন প্ৰকাৰৰ মিঠাই আৰু অন্যান্য খাদ্য সামগ্ৰী তৈয়াৰ কৰি গ্ৰাহকক নিৰ্বিঘ্নে বিক্ৰী কৰি আহিছে৷ অকল ৰঙৰ মিশ্ৰণেই নহয়, খাদ্য সামগ্ৰীসমূহৰ উপযোগিতা তথা মানদণ্ড কিমান সেয়াও সন্দেহজনক৷

কাজেই, পূজাৰ বতৰত এনে অনুপযোগী আৰু অপুষ্টিকৰ মিঠাই তথা আন খাদ্য সামগ্ৰী ভক্ষণ কৰিলে যিকোনো মুহূৰ্ততে গুৰুত্বৰ ৰোগত ভোগাৰ যথেষ্ট সম্ভাৱনা আছে বুলি সচেতন মহলে মন্তব্য কৰিছে৷ প্ৰকাশ যে, পূজাৰ আনন্দ-উৎসাহৰ গইনা লৈ জিলাখনৰ অসাধু ব্যৱসায়ী চক্ৰই এনে অস্বাস্থ্যকৰ মিঠাকে ধৰি আন খাদ্য সামগ্ৰীৰে পূজাৰ বজাৰ উপচাই পেলোৱাত সৰ্বসাধাৰণ ৰাইজ বিপাঙত পৰিছে৷

ইফালে, খাদ্য সামগ্ৰী মুকলিকৈ বিক্ৰী কৰাটো নিষেধ যদিও বৰ্তমান পূজাৰ বতৰত বাট-পথৰ কাষতে মুকলিকৈ ক্ৰয়-বিক্ৰয় হৈ থকা কাৰ্যই খাদ্য পৰিদৰ্শকৰ চূড়ান্ত দায়িত্বহীনতাকে স্পষ্টৰূপত উদঙাই দিছে৷ খাদ্য পৰিদৰ্শকে নিৰ্দিষ্ট স্থানসমূহ পৰিদৰ্শন কৰি সামগ্ৰীৰ গুণগত মান নিৰূপণ কৰাৰ লগতে মুকলি পৰিবেশত মিঠাইকে প্ৰমুখ্য কৰি আন খাদ্য সামগ্ৰী বিক্ৰী কৰাটো বন্ধ কৰিবৰ কাৰণে শীঘ্ৰে কাৰ্যকৰী পদক্ষেপ গ্ৰহন কৰিবলৈ নগঞা সচেতন লোকসকলে দাবী জনাইছে৷