
শিমলুগুৰিঃ সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদৰ শিমলুগুৰি আঞ্চলিক সমিতিয়ে শিৱসাগৰ জিলাৰ আহোম ৰজাৰ দিনৰ ঐতিহাসিক প্ৰাচীন কীৰ্তিচিহ্নসমূহ সংৰক্ষণৰ ব্যৱস্থা নকৰাত ক্ষোভ প্ৰকাশ কৰে৷
সংৰক্ষণৰ অভাৱত জহিখহি যোৱাৰ উপক্ৰম হোৱা কীৰ্তিচিহ্নসমূহ সংৰক্ষণৰ দাবীত আজি নাজিৰা মহকুমাৰ মহকুমাধিপতিৰ জৰিয়তে ৰাজ্যৰ পুৰাতত্ব বিভাগলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে সংগঠনটোৱে।
বুৰঞ্জীপ্ৰসিদ্ধ শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ শিমলুগুৰিস্থিত তেতেলিগুৰি অঞ্চলৰ তিনিটা মৈদাম সংৰক্ষণৰ অভাৱত বেদখলকাৰীৰ কবলত পৰা বুলি অভিযোগ কৰে সংগঠনটোৱে৷ পুৰাতত্ব বিভাগে মৈদামকেইটা সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ নকৰাত সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদৰ শিমলুগুৰি আঞ্চলিক সমিতিয়ে তীব্ৰ ক্ষোভ ব্যক্ত কৰে।
ইতিহাস প্ৰসিদ্ধ মৈদামকেইটা বেদখলমুক্ত কৰাৰ লগতে দিখৌ নৈৰ গৰাখহনীয়াৰ পৰা মুক্ত কৰিবলৈ শীঘ্ৰে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ দাবী জনায় সংগঠনটোৱে। অন্যথা পৰিষদে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলি সকীয়াই দিয়ে৷