25
Oct
2018

তামোলপুৰঃ বাক্সা জিলাৰ তামুলপুৰত লক্ষী পূজাৰ উলহ মালহৰ সময়তে পশ্চিম মাদাৰবাৰীত নৃশংস হত্যাকাণ্ড সংঘটিত হয় ৷ পুত্ৰই হানি খুচি প্ৰান ল’লে পিতৃৰ৷ নিহত পিতৃৰ নাম ভক্ত বড়ো৷ পিতৃহন্তা পুত্ৰৰ নাম ৰাজীৱ বড়ো ৷ আজি নিশা ৮-৩০ মান বজাত পিতৃ আৰু পুত্ৰৰ মাজত কিবা কথাক লৈ কাজিয়াৰ সূত্ৰপাত হয় আৰু পুত্ৰই
চুৰিৰে পেটত হানিখুচি হত্যা কৰে৷ হত্যাকাৰী পুত্ৰই পলাবলৈ চেষ্টা কৰিছিল যদিও গাঁওৰক্ষী বাহিনীৰ লোকে ঘাতক পুত্ৰ ৰাজীৱক আটক কৰে। ঘটনাৰ খবৰ পাই তামোলপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অসীম বৰাই এটা আৰক্ষীৰ দল লৈ ঘটনাস্থলীলৈ ৰাওঁনা হয় আৰু মৃতদেহ উদ্ধাৰ কৰাৰ লগতে হত্যাকাৰী পুত্ৰক তামুলপুৰ আৰক্ষী থানালৈ লৈ আনে। পুত্ৰই মদ্যপান কৰাৰ বাবেই আজিৰ এই হত্যাকাণ্ড সংঘটিত হয়।